SPG নিৰাপত্তা আঁতৰোৱা হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ, এতিয়া পাব Z+

গৃহ মন্ত্ৰণালয়ে পত্ৰযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক জনালে এই কথা।

News18-Assam
Updated:August 26, 2019, 11:13 AM IST
SPG নিৰাপত্তা আঁতৰোৱা হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ, এতিয়া পাব Z+
গৃহ মন্ত্ৰণালয়ে পত্ৰযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক জনালে এই কথা।
News18-Assam
Updated: August 26, 2019, 11:13 AM IST
মোদী চৰকাৰে আঁতৰালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ SPG নিৰাপত্তা। এতিয়া মনমোহন সিঙে লাভ কৰিব Z+ নিৰাপত্তা। গৃহ মন্ত্ৰণালয়ে পত্ৰযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক জনালে এই কথা। মোদী চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া SPG নিৰাপত্তা কেৱল চাৰিগৰাকী লোকৰহে থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ থাকিব SPG নিৰাপত্তা।

বিভিন্ন চোৰাংচোৱা সংস্থাৰ পৰা পোৱা তথ্য, কেবিনেট সচিব আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত তিনি মাহজোৰা সমীক্ষা বৈঠকৰ অন্তত মনমোহন সিঙৰ SPG নিৰাপত্তা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি