স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত মনমোহন সিঙক এইমছত ভৰ্তি কৰোৱা হয়। এইমছ কাৰ্ডিঅ’ টাৱাৰত ডাঃ নিতীশ নায়কৰ নেতৃত্বত চিকিৎসকৰ এটা দলে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ চিকিৎসা কৰি আছে।
হঠাৎ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ। তেওঁক ততাতৈয়াকৈ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে। জ্বৰৰ সমস্যাত আক্ৰান্ত হৈ আছিল ডঃ সিং। দুদিন ধৰি জ্বৰত ভোগাৰ পিছত আজি চিকিৎসকৰ পৰামৰ্শত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ এটা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে।
যোৱা বছৰ এটা নতুন দৰৱৰ ৰিয়েকচনৰ পিছত জ্বৰ উঠাৰ কাৰণেও এইমছত তেওঁক ভৰ্তি কৰোৱা হৈছিল। কেবাদিনৰ পিছত তেওঁক ছুটি দিয়া হৈছিল।
জ্যেষ্ঠ কংগ্ৰেছী নেতা ডঃ মনমোহন সিঙ বৰ্তমান ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ। ইয়াৰ আগলৈকে তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত হৈ থকাৰ সময়তে তেওঁ দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ পৰিচালনা কৰিছিল। ৮৮ বছৰীয়া মনমোহন সিঙৰ ২০০৯ চনত বাইপাছ চাৰ্জাৰী হৈছিল। তেওঁৰ ছুগাৰৰ সমস্যাও আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|