সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, কোৰোণা পৰীক্ষাৰো ওলাল ফলাফল

News18 Assam | News18-Assam
Updated:May 12, 2020, 3:29 PM IST
সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, কোৰোণা পৰীক্ষাৰো ওলাল ফলাফল
দিনৰ চাৰে বাৰ বজাত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

দিনৰ চাৰে বাৰ বজাত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

  • Share this:
আজি দিল্লীৰ All India Institute of Medical Science (AIIMS) ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং। দিনৰ ১২.৩০ত তেওঁক AIIMS ৰ পৰা অব্যাহতি লৈ তেওঁৰ দিল্লীৰ মতিলাল নেহেৰু মাৰ্গৰ চৰকাৰী বাসগৃহলৈ আহে। বুকুত বিষ অনুভৱ কৰা আৰু জ্বৰ হোৱাৰ কাৰণে সোমবাৰে ৮৭ বছৰীয়া ডঃ সিঙক AIIMS ত ভৰ্তি কৰোৱা হৈছিল । প্ৰাৰম্ভিক পৰীক্ষাৰ পাছত চিকিৎসকে তেওঁৰ ঔষধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হোৱা বুলি জানিবলৈ দিছিল ।
সংবাদ প্ৰতিষ্ঠান PTI য়ে বাতৰি যুগুত কৰা মতে ডঃ সিঙৰ কোৰোনা ভাইৰাছৰ পৰীক্ষণৰ কাৰণে নমুনা সংগ্ৰহ কৰা হৈছিল । পৰীক্ষণৰ ফলাফল negative পোৱা যায় । একালৰ অসমৰ ৰাজ্যসভাৰ সাংসদ হৈ দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা ডঃ সিং বৰ্তমান ৰাজস্থানৰ পৰা ৰাজ্য সভাৰ সাংসদ । ২০০৯ চনত AIIMS তে তেওঁৰ Bypass Surgery হৈছিল ।
First published: May 12, 2020, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading