হঠাতে পেট্ৰল–ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয় যে শেহতীয়া উপনিৰ্বাচনৰ ফলাফলে বিজেপিক চক খুৱাইছে, যাৰ ফলত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাইছে। তেওঁ এই কথা টুইটযোগে প্ৰকাশ কৰে। বুধবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰত অভিলেখ পৰিমাণৰ ৫ আৰু ১০ টকাৰ আবকাৰী শুল্ক হ্ৰাস কৰে, যাতে দুয়োবিধ ইন্ধনৰ উচ্চ মূল্য হ্ৰাস কৰিব পৰা যায়।
চিদাম্বৰমে কয় যে চৰকাৰৰ পদক্ষেপে কংগ্ৰেছৰ অভিযোগ নিশ্চিত কৰিছে। কংগ্ৰেছে কৈছিল যে উচ্চ কৰৰ বাবে ইন্ধনৰ মূল্য অধিক হৈছে। দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমে কয়, "২৯খন বিধানসভা আৰু ৩খন লোকসভা আসনৰ উপ-নিৰ্বাচনৰ ফলাফলৰ বাবে এনে কৰা হৈছে। কেন্দ্ৰই পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে। ই আমাৰ আন এটা অভিযোগকে নিশ্চিত কৰে যে উচ্চ কৰৰ কাৰণে ইন্ধনৰ দাম প্রধানতঃ বৃদ্ধি হৈছিল।''
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও চৰকাৰৰ পদক্ষেপক ভয়ৰ ফল বুলি অভিহিত কৰিছে। তেওঁ টুইট কৰে– 'এইটো হৃদয়ৰ পৰা নহয় ভয়ৰ পৰা জন্মা এটা সিদ্ধান্ত।'' কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই কয়, '২০২১ চনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২৮ টকা আৰু ২৬ টকা প্ৰতি লিটাৰত বৃদ্ধি কৰক আৰু তাৰ পিছত দেৱালীৰ উপহাৰৰ বাবে প্ৰতি লিটাৰত ৫ আৰু ১০ টকা হ্ৰাস কৰক! মোডীনোমিক্সৰ জুমলানোমিক্স।''
উল্লেখ্য, ৩০ অক্টোবৰৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিয়ে ২৯খন বিধানসভা আসনৰ ভিতৰত ১৪ খন আসন লাভ কৰিছিল। কংগ্ৰেছে হিমাচল প্ৰদেশৰ সন্মানীয় মণ্ডি লোকসভা সমষ্টিকে ধৰি তিনিওখন বিধানসভা আসন আৰু আঠখন আসনত জিকিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|