২ মে’ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অৰুণ লালে। প্ৰথম পত্নী জীৱিত যদিও পুনৰ বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে এসময়ৰ অপেনিং বেটছমেন অৰুণ লাল। কইনাৰ নাম বুলবুল সাহা, বয়স ৩৭ বছৰ। দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত ২ মে’ত কলকাতাত অনুষ্ঠিত হ’ব বিবাহৰ অনুষ্ঠান।
খবৰ অনুসৰি, ইতিমধ্যে বিবাহলৈ অতিথিসকলক আমন্ত্ৰণ জনোৱা কাম সম্পূৰ্ণ হৈছে। বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীকো আমন্ত্ৰণ জনোৱা হৈছে বিয়ালৈ। জানিব পৰা মতে, অৰুণ লাল আৰু বুলবুলৰ পূৰ্বেই বাগদান হৈছিল, এতিয়া সামাজিকভাৱে বহিব বিয়াত। ৰীণা বৰ্তমান অসুস্থ। এই কথা বুলবুলেও জানে। শুনা মতে, বুলবুলে ৰীণা দেৱীৰ যত্ন ল’ব বিয়াৰ পিছত।
উল্লেখযোগ্য যে অৰুণ লালে ১৯৮২ৰ পৰা ১৯৮৯ চনলৈ ভাৰতীয় দলৰ হৈ ১৬খন টেষ্ট আৰু ১৬খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল। ২০১৬ চনত হনুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল অৰুণ লাল। এই ব্যাধিৰ পৰা সুস্থ হৈ উঠি তেওঁ প্ৰশিক্ষণ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বেংগল ক্ৰিকেট দলৰ দায়িত্ব গ্ৰহণ কৰিছিল। এইবাৰ জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|