আজি বিয়লি ৩ বজাত সুষমা স্বৰাজৰ অন্তিম সংস্কাৰ

বিয়লি ৩ বজাত লোধি ৰোড শৱদাহ গৃহত ৰাজকীয় সন্মানেৰে অন্তিম সংস্কাৰ কৰা হ’ব সুষমা স্বৰাজৰ।

News18-Assam
Updated:August 7, 2019, 7:04 AM IST
আজি বিয়লি ৩ বজাত সুষমা স্বৰাজৰ অন্তিম সংস্কাৰ
বিয়লি ৩ বজাত লোধি ৰোড শৱদাহ গৃহত ৰাজকীয় সন্মানেৰে অন্তিম সংস্কাৰ কৰা হ’ব সুষমা স্বৰাজৰ।
News18-Assam
Updated: August 7, 2019, 7:04 AM IST
প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ ৬৭ বছৰ বয়সত দেহাৱসান ঘটে। হৃদক্ৰিয়া বন্ধ হৈ নিশা শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে। আজি পুৱা ৮ বজাৰ পৰা ১০.৩০ বজালৈ যন্তৰ–মন্তৰস্থিত বাসগৃহত অন্তিম শ্ৰদ্ধাৰ বাবে ৰখা হ’ব নশ্বৰদেহ। দুপৰীয়া ১২ বজাত স্বৰাজৰ নশ্বৰদেহ বিজেপিৰ কাৰ্যালয়লৈ অনা হ’ব। ২.৩০ বজালৈ বিজেপিৰ কাৰ্যালয়ত দলীয় নেতা–কৰ্মী তথা গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাব পাৰিব সুষমা স্বৰাজক। বিয়লি ৩ বজাত লোধি ৰোড শৱদাহ গৃহত ৰাজকীয় সন্মানেৰে অন্তিম সংস্কাৰ কৰা হ’ব সুষমা স্বৰাজৰ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকী। জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাক লৈ মৃত্যুৰ ৩ ঘণ্টা পূৰ্বে টুইট কৰিছিল সুষমা স্বৰাজে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত মন্ত্ৰীপদ ল’বলৈ অস্বীকাৰ কৰিছিল সুষমা স্বৰাজে। স্বাস্থ্যজনিত কাৰণত বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাও বিৰত আছিল বিজেপি নেত্ৰীগৰাকী।
আৰু চাওক পৰৱৰ্তী বাতৰি