যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম। INX মিডিয়া কেলেংকাৰীৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন। CBI আৰু EDৰ গোচৰত জামিন নাপালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অৱশ্যে উচ্চ ন্যায়ালয়ত উজুটি খাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে চিদাম্বৰম।
উল্লেখযোগ্য যে ২০০৭ চনত চিদাম্বৰম ইউ পি এ চৰকাৰৰ বিত্ত মন্ত্ৰী হৈ থকাৰ সময়তে সংঘটিত হৈছিল এই কেলেংকাৰী। সেই সময়ত INX মিডিয়াক ৩০৫ কোটি টকাৰ বিদেশী ধনৰাশি প্ৰাপ্তিৰ বাবে ফৰেইন ইনভেষ্টমেণ্ট প্ৰমোচন ব’ৰ্ড (FIPB)ৰ অনুমোদন দিয়াৰ ক্ষেত্ৰত অনিময়ৰ অভিযোগ উত্থাপন হৈছিল।
এই গোচৰৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক। INX মিডিয়া কোম্পানীৰ তদানীন্তন সঞ্চালক ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জীও এই গোচৰৰ অভিযুক্ত। CBI–এ ২০১৭ চনৰ ১৫ মে’ত ৰুজু কৰিছিল গোচৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|