உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • INX মিডিয়া কেলেংকাৰী : CBIৰ গোচৰত জামিন পালে চিদাম্বৰমে, এতিয়া থাকিব EDৰ জিম্মাত

    INX মিডিয়া কেলেংকাৰী : CBIৰ গোচৰত জামিন পালে চিদাম্বৰমে, এতিয়া থাকিব EDৰ জিম্মাত

    CBIৰ গোচৰত জামিন পালেও কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব চিদাম্বৰম।

    CBIৰ গোচৰত জামিন পালেও কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব চিদাম্বৰম।

    CBIৰ গোচৰত জামিন পালেও কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব চিদাম্বৰম।

    • Share this:
      INX মিডিয়া কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন আৱেদন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। CBIৰ গোচৰত চিদাম্বৰমে লাভ কৰিলে জামিন। বৰ্তমান কাৰাগাৰৰ আলহী পি চিদাম্বৰম। অৱশ্যে CBIৰ গোচৰত জামিন মঞ্জুৰ কৰিলেও মুকলি আকাশৰ আহিব নোৱাৰে চিদাম্বৰম। কিয়নো ইতিমধ্যে জে’লৰ ভিতৰত ED–এ গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক। সেয়েহে CBIৰ গোচৰত জামিন পালেও কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব চিদাম্বৰম।

      ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত INX মিডিয়া গোচৰত CBI–এ জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম, তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ দুটা কোম্পানীসহ ১৫জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল। ভ্ৰষ্টাচাৰৰ গোচৰৰ তদন্ত চলি থকা বাবে চিদাম্বৰমৰ জামিন মঞ্জুৰ নকৰিবলৈ আহ্বান জনাইছিল চিবিআয়ে।
      First published: