শেষবাৰৰ বাবে কুলদীপে ৩০ নৱেম্বৰৰ আবেলি কিছু কামৰ বাবে বেংকত প্ৰৱেশ কৰিছিল।
শেষবাৰৰ বাবে কুলদীপে ৩০ নৱেম্বৰৰ আবেলি কিছু কামৰ বাবে বেংকত প্ৰৱেশ কৰিছিল।
এজন প্ৰাক্তন বেংক কৰ্মচাৰীয়ে বেংকৰ পৰা নগদ ধন আৰু সোণ লুট কৰাৰ বাবে এটা বিশেষ কিটিপ অৱলম্বন কৰে। সেই পৰিকল্পনা অনুসৰি তেওঁ লুটে কোটিৰ হিচাপত সম্পত্তি। ঘটনাটো উৰিষ্যাৰ কোৰাপুট জিলাৰ ষ্টেট বেংক অৱ ইণ্ডিয়া লক্ষ্মীপুৰ শাখাত (State Bank of India’s Laxmipur branch) সংঘটিত হৈছিল।
অভিযুক্ত শেখৰ কুলদীপ (Sekhar Kuldip) বেংকৰ এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰী আছিল। তেওঁ প্ৰায় ছবছৰ ভাৰতীয় ষ্টেট বেংকত কাম কৰিছিল। কিন্তু ২০২০ চনত লক্ষ্মীপুৰ শাখাত কাম কৰাৰ সময়ত প্ৰৱঞ্চনাৰ বাবে চাকৰিৰ পৰা আঁতৰোৱা হৈছিল। ইয়াৰ কেইমাহমান পিছতে তেওঁ যুগুত কৰে বেংক লুটৰ এটা বিশেষ পৰিকল্পনা।
২০২১ চনৰ নৱেম্বৰত বেংকৰ লকাৰৰ পৰা সোণৰ গহনা চুৰি হোৱাৰ এটা ঘটনা কৰ্তৃপক্ষৰ নজৰত আহে যোৱা ১৪ জানুৱাৰীত, যেতিয়া এজন গ্ৰাহকে জনাই যে তেওঁৰ লকাৰৰ পৰা গহনা নোহোৱা হৈছে। এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ কৰা হয়। বেংকৰ লকাৰৰ পৰা ১.৬ কিলোগ্ৰাম সোণৰ গহনা চুৰি হৈছিল। কোৰাপুট আৰক্ষীয়ে (Koraput Police) বেংকটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি ঘটনা তদন্ত আৰম্ভ কৰে (Former employee loot bank)।
তদন্তত আৰক্ষীয়ে বিশেষ ধৰিব পৰা নাছিল যদিও প্ৰাক্তন বেংক কৰ্মচাৰী শেখৰ কুলদীপৰ উপস্থিতিৰ ভিত্তিত এই কাণ্ডত তেওঁ জড়িত বুলি ধৰা পেলায়।
কিদৰে সংঘটিত হৈছিল এই লুটকাৰ্য
অভিযুক্ত কুলদীপে চাকৰিৰ পৰা বহিষ্কাৰ হোৱাৰ পিছতো নিয়মীয়াকৈ বেংকলৈ আহিছিল। কিন্তু যোৱা ডেৰ মাহ ধৰি বেংকলৈ অহা বন্ধ কৰিছিল। শেষবাৰৰ বাবে কুলদীপে ৩০ নৱেম্বৰৰ আবেলি কিছু কামৰ বাবে বেংকত প্ৰৱেশ কৰিছিল। কিন্তু বেংকত সোমাই তেওঁ ওলাই নগ'ল। গোটেই ৰাতি বেংক লুকাই আছিল। ৰাতি কুলদীপে গোপন ঠাইৰ পৰা ওলাই আহি এই কৰ্ম সংঘটিত কৰে। প্ৰাক্তন কৰ্মচাৰী বাবে সকলো তেওঁৰ আয়ত্তত আছিল।
কুলদীপৰ স্বীকাৰোক্তি মতে. লকাৰত ৰখা সোণৰ গহনাবোৰ লৈ তেওঁ বেংকৰ শৌচালয়ত লুকুৱাই ৰাখে। পিছদিনা ৰাতিপুৱা ১০ বজাত সাধাৰণ লেনদেনৰ বাবে বেংক খোলাৰ পিছত তেওঁ ওলাই আহে এনে ৰূপত যেন তেওঁ এইমাত্ৰ বেংকত প্ৰৱেশ কৰিছে। কুলদীপৰ ভাগ্য বেয়া আছিল যে মাত্ৰ ডেৰমাহ পিছতে সোণৰ গণনাৰ মালিকে নিজৰ সম্পত্তি লুটৰ ঘটনা সম্পৰ্কে অৱগত হয়। বহুদিনলৈ ঘটনাৰ বিষয়ে নাজানিলে আৰক্ষীৰ বাবে তেওঁক ধৰা পেলোৱা টান হ'লহেঁতেন। আৰক্ষীয়ে চুৰি হোৱা সোণৰ গহনাৰ (gold ornaments) কিছু জব্দ কৰে। কুলদীপে ডিচেম্বৰত লক্ষ্মীপুৰ অঞ্চলত এটা ভৱন নিৰ্মাণৰ বাবে প্ৰায় ৪ লাখ টকা বিনিয়োগ কৰিছিল। আৰক্ষীয়ে ভৱনটো জব্দ কৰাৰ প্ৰক্ৰিয়াত আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|