কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ হৰিশ ৰাৱটৰ, ৰাহুল গান্ধীক সভাপতি হৈ থকাৰ দাবী

পদত্যাগৰ ঘোষণা কৰি ৰাৱটে দাবী কৰে যে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হৈ থকা উচিত যাতে ২০২৪ত বিজেপিৰ মুখামুখি হ’ব পাৰে।

News18-Assam
Updated:July 4, 2019, 1:09 PM IST
কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ হৰিশ ৰাৱটৰ, ৰাহুল গান্ধীক সভাপতি হৈ থকাৰ দাবী
পদত্যাগৰ ঘোষণা কৰি ৰাৱটে দাবী কৰে যে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হৈ থকা উচিত যাতে ২০২৪ত বিজেপিৰ মুখামুখি হ’ব পাৰে।
News18-Assam
Updated: July 4, 2019, 1:09 PM IST
কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিছতে এতিয়া কংগ্ৰেছত উঠিছে পদত্যাগৰ জোৱাৰ। এইবাৰ পদত্যাগ কৰিলে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ ৰাৱটে। টুইটাৰযোগে পদত্যাগৰ কথা ঘোষণা কৰিছে ৰাৱটে। পদত্যাগৰ ঘোষণা কৰি ৰাৱটে দাবী কৰে যে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হৈ থকা উচিত যাতে ২০২৪ত বিজেপিৰ মুখামুখি হ’ব পাৰে।

হৰিশ ৰাৱটে নিজৰ পোষ্টত লিখিছে – লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়, সাংগঠনিক দুৰ্বলতাৰ বাবে আমি পদাধিকাৰীসকল জবাবদিহি। অসমত দলৰ আকাংক্ষিত প্ৰদৰ্শন কৰিব নোৱাৰা বাবে দায়িত্ববাহী হিচাপে মই জবাবদিহি।’

ৰাৱটে লিখিছে যে, ‘দলৰ বাবে সমৰ্পিত ভাৱেৰে কাম কৰাৰ বাবে মোৰ দৰে মানুহৰ পদৰ আৱশ্যক নাই, কিন্তু প্ৰেৰণা দিব পৰা নেতাৰ আৱশ্যক আছে। প্ৰেৰণা দিব পৰা ক্ষমতা কেৱল ৰাহুল গান্ধীৰ আছে, তেওঁৰ হাতত বাঘজৰী থাকিলে সম্ভতঃ ২০২৪ত বিজেপি আৰু নৰেন্দ্ৰ মোদীক পৰাস্ত কৰিব পৰা যাব। সেই গণতান্ত্ৰিক শক্তি আৰু সকলো কংগ্ৰেছ নেতা–কৰ্মীয়ে ৰাহুল গান্ধী সভাপতি হৈ থকাটো বিচাৰে।’
আৰু চাওক পৰৱৰ্তী বাতৰি