শবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ, ৰাফেল যুদ্ধবিমানৰ গোচৰতো ৰায় প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে।
শবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ, ৰাফেল যুদ্ধবিমানৰ গোচৰতো ৰায় প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে।
ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছে। এই ৰঞ্জন গগৈৰ নেতৃত্বতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অযোধ্যাৰ ৰাম মন্দিৰ, অসমৰ এনআৰচি, শবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ তথা ৰাফেল বিবাদৰ ৰায় প্ৰদান কৰিছিল।
সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিয়ে ৰঞ্জন গগৈ ৰাজ্যসভালৈ মনোনীত কৰিছিল।
এই সিদ্ধান্তৰ এতিয়া তীব্ৰ বিৰোধিতা কৰিছে আইএমআইএমৰ নেতা আছাদুদ্দিন অৱেইছিয়ে। তেওঁ টুইটাৰত প্ৰশ্ন কৰে, ‘এইয়া আনুগত্যৰ পুৰষ্কাৰ নে কি? ন্যায়াধীশৰ স্বতন্ত্ৰতাৰ ওপৰত এনেকৈ সাধাৰণ মানুহে কি আস্থা ৰাখিব আৰু?’
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ টুইট, ‘ভৱিষ্যতৰ মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ মানুহক কি বাৰ্তা দিব বিচাৰিছে ৰাষ্ট্ৰপতিয়ে? সাংবিধানিক অনুষ্ঠানসমূহ এতিয়া আপোচৰ ঠাইতো নাই, এইবোৰৰ মৃত্যু ঘটিছে।’
অৱশ্যে ন্যায়াধীশ গগৈ ৰাজ্যসভালৈ যোৱা প্ৰথম মুখ্য ন্যায়াধীশ নহয়, দেশৰ ২১সংখ্যক চিজেআই ৰংগনাথ মিশ্ৰা উচ্চ সদনত সাংসদ হিচাপে আছিল ১৯৯৮ৰ পৰা ২০০৪লৈ। অৱশ্যে মিশ্ৰাক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা নাছিল। কংগ্ৰেছ সাংসদ হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল মিশ্ৰা। ১৯৯১চনত তেওঁ অৱসৰ লোৱাৰ সাতবছৰ পিছত কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু সাংসদ হিচাপে উচ্চ সদনলৈ নিৰ্বাচিত হৈছিল।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|