‘অপপ্ৰচাৰ কৰি কৃষকসকলক বিভ্ৰান্ত কৰা হৈছে’- কৃষি আইনৰ পক্ষত একাংশ প্ৰাক্তন IAS বিষয়া

News18 Assam | News18-Assam
Updated:September 28, 2020, 9:06 PM IST
‘অপপ্ৰচাৰ কৰি কৃষকসকলক বিভ্ৰান্ত কৰা হৈছে’- কৃষি আইনৰ পক্ষত একাংশ প্ৰাক্তন IAS বিষয়া
সোমবাৰে বিবৃতিৰ জৰিয়তে কয় যে, কৃষি আইনক লৈ অপপ্ৰচাৰ চলোৱাৰ লগতে মিথ্যাচাৰৰ আশ্ৰয় লোৱা হৈছে।

সোমবাৰে বিবৃতিৰ জৰিয়তে কয় যে, কৃষি আইনক লৈ অপপ্ৰচাৰ চলোৱাৰ লগতে মিথ্যাচাৰৰ আশ্ৰয় লোৱা হৈছে।

  • News18 Assam
  • Last Updated: September 28, 2020, 9:06 PM IST
  • Share this:
কৃষি সংস্কাৰ আইনৰ সমৰ্থন জনালে প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ এটা বৃহত্‍ অংশই। সোমবাৰে বিবৃতিৰ জৰিয়তে তেওঁলোকে কয় যে, কৃষি আইনকলৈ লৈ মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লোৱা হৈছে। ইয়াৰ ফলত কৃষকৰ ওপৰত কু-প্ৰভাৱ পৰিছে। কৃষি সংস্কাৰ আইনে ভাৰতৰ কৃষকসকলৰ আয়ক স্বাধীনতা দিয়াৰ লগতে দীৰ্ঘদিন ধৰি চলি অহা ব্যৱস্থাৰ অৱসান ঘটাব।

বিবৃতিত কোৱা হৈছে যে, আমাৰ সমাজৰ এটা অংশই কৃষি আইনকলৈ অপপ্ৰচাৰ কৰিছে। বিভিন্ন বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিছে। সম্প্ৰতি বহু ঘটনা আমাৰ চকুত পৰিছে। যিধৰণে মিথ্যাচাৰৰ ফলত সংখ্যালঘু, ছাত্ৰ-ছাত্ৰীৰ মনত কু-প্ৰভাৱ পেলাইছে, সেই একেধৰণে কষকৰ বিৰুদ্ধেও চলি আছে ষড়যন্ত্ৰ।



বিধেয়কৰ সমালোচনা কৰা সকল স্বাৰ্থলুভী বুলিও অভিহিত কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়াসকলে। প্ৰাক্তন বিত্ত সচিব এচ নাৰায়ণ, প্ৰাক্তন বেংকিং সচিব ডি কে মিট্টল, প্ৰাক্তন প্ৰতিৰক্ষা সচিব জি মোহন কুমাৰ, প্ৰাক্তন পেট্ৰ’লিয়াম সচিব সৌৰভ চন্দ্ৰ, প্ৰাক্তন অসামৰিক বিমান পৰিবহণ সচিব কে এন শ্ৰীবাস্তৱ সহ ৩২ জন প্ৰাক্তন আই এই এচ বিষয়াই কৃষি বিলৰ সমৰ্থনত বিবৃতি দিয়ে।
Published by: Himangshu Bhuyan
First published: September 28, 2020, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading