• Home
  • »
  • News
  • »
  • nation
  • »
  • Uma Bharti: চৰকাৰ মই বনাওঁ, চলায় আন কোনোবাই! মই এতিয়া মঞ্চত চকী এখনো নাপাওঁ, উমা ভাৰতীৰ দুখ!

Uma Bharti: চৰকাৰ মই বনাওঁ, চলায় আন কোনোবাই! মই এতিয়া মঞ্চত চকী এখনো নাপাওঁ, উমা ভাৰতীৰ দুখ!

Uma Bharti

Uma Bharti

Uma Bharti: ভৰতীয় জনতা পাৰ্টী (bharatiya Janata Party)ৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী এতিয়া মন্ত্ৰী, সাংসদ বা বিধায়ক একোৱেই নহয়।

  • Share this:
এসময়ত উমা ভাৰতী (Uma Bharti) বুলি ক'লে ভাৰতত নজনা মানুহ হয়তো কমেই আছিল। কিন্তু সেই উমা ভাৰতীৰ আজি ৰাজনৈতিক জীৱনৰ সূৰ্যাস্তৰ পথত। ভৰতীয় জনতা পাৰ্টী (bharatiya Janata Party)ৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে মুখ্যমন্ত্ৰীৰ পদ এৰিব লগা হোৱাৰ বেদনা আজিও বুকুত লৈ ফুৰিছে। কেতিয়াবা এই বেদনা অচেতন ভাৱেই প্ৰকাশ কৰি দিয়ে উমা ভাৰতীয়ে। শেহতীয়াকৈ মধ্যপ্ৰদেশ (madhya Pradesh)ৰ ছতৰপুৰত আয়োজিত এক নাগৰিক সম্বৰ্ধনা অনুষ্ঠআনত ভাগ লৈ উমা ভাৰতীয়ে কয়, "মই চৰকাৰ বনাও আৰু আন কোনোবাই চৰকাৰ চলায়!" উমা ভাৰতীৰ এই মন্তব্যই মধ্যপ্ৰদেশৰ ৰাজনীতিত পুনৰ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে ২০০৩ চনত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা উমা ভাৰতীয়ে এবছৰৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পদ এৰিবলগীয়া হৈছিল।

২০০৩ চনত বিধানসভা নিৰ্বাচনত উমা ভাৰতীৰ নেতৃত্বত বিজেপিয়ে মধ্যপ্ৰদেশত দুই-তৃতীয়ামশ ভোট দখল কৰি বিজেপিয়ে কংগ্ৰেছৰ দ্বিগ্বিজয় সিং (Digbijay Singh) চৰকাৰক ওফৰাই পেলাইছিল। উমা ভাৰতী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। কিন্তু এবছৰৰ ভিতৰতে কৰ্ণাটক (karnataka)ৰ এটা পুৰণি গোচৰত উমা ভাৰতীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। এই বাবে দলৰ শীৰ্ষ মহলৰ পৰা উমা ভাৰতীৰ ওপৰত প্ৰচণ্ড হেঁচা দিয়া হয় মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ। তাৰ পিছৰ পৰা উমা ভাৰতীৰ ৰাজনৈতিক জীৱন প্ৰায় স্তিমিত হৈ পৰিছে।

উমাই নিজৰ দুখ প্ৰকাশ কৰি আৰু কয়, "কেন আৰু বেটোৱা নদীৰ সংযোগ প্ৰকল্পৰ উদ্ঘাটন কৰা হ'ব। কিন্তু মঞ্চত মই হয়তো এখনো আন নাপাম।" উল্লেখ্য যে উমা ভাৰতী এতিয়া মন্ত্ৰী, সাংসদ বা বিধায়ক একোৱেই নহয়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি