Ashwini Kumar Suicide: বিষণ্ণতা কিমান ভয়ংকৰ! বাসগৃহত চিপ লৈ আত্মহত্যা নাগালেণ্ড, মণিপুৰৰ প্ৰাক্তন ৰাজ্যপাল, চিবিআইৰ ভূতপূৰ্ব সঞ্চালক অশ্বিনী কুমাৰৰ

News18 Assam | News18-Assam
Updated:October 8, 2020, 9:31 AM IST
Ashwini Kumar Suicide: বিষণ্ণতা কিমান ভয়ংকৰ! বাসগৃহত চিপ লৈ আত্মহত্যা নাগালেণ্ড, মণিপুৰৰ প্ৰাক্তন ৰাজ্যপাল, চিবিআইৰ ভূতপূৰ্ব সঞ্চালক অশ্বিনী কুমাৰৰ

  • Share this:
বিষণ্ণতাই কাল হ’ল এগৰাকী সুদক্ষ তথা সফল আইপিএছ বিষয়াৰ। জীৱনৰ প্ৰতি সকলো মায়া মোহ হেৰুৱাই চৰম পদক্ষেপ ল’লে নাগালেণ্ড, মণিপুৰৰ প্ৰাক্তন ৰাজ্যপাল, চিবিআইৰ ভূতপূৰ্ব সঞ্চালক অশ্বিনী কুমাৰে। বুধবাৰে চিমলাৰ নিজৰ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৬৯বছৰীয়া অশ্বিনী কুমাৰক।

সূত্ৰত প্ৰকাশিত খবৰ মতে, যোৱা কেইবা সপ্তাহ ধৰি বিষণ্ণতাত ভুগি আছিল অশ্বিনী কুমাৰে।

২০১৩ আৰু ২০১৪ ভিতৰত তেওঁ নাগালেণ্ডৰ ৰাজ্যপাল আছিল। একে সময়চোৱাত তেওঁ মণিপুৰৰো ৰাজ্যপাল আছিল।

কুমাৰ ১৯৭৩ বেটছৰ হিমাচল প্ৰদেশ কেডাৰৰ আই পি এছ বিষয়া আছিল।

চিবিআইৰ সঞ্চালক হোৱাৰ পূৰ্বে ২০০৬ৰ পৰা ২০০৮ৰ ভিতৰত তেওঁ হিমাচল প্ৰদেশ আৰক্ষীৰ সঞ্চালকপ্ৰধান আছিল।

১৯৫০চনৰ নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা অশ্বিনী কুমাৰ এটা সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ সুৰক্ষাতো নিয়োজিত আছিল। হিমাচল প্ৰদেশৰ এখন সৰু পাহাৰীয়ে চহৰ চিৰমৌৰৰ বাসিন্দা আছিল অশ্বিনী কুমাৰ। ৰাজ্যপাল হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা কুমাৰে নিজৰ কাৰ্যকাল শেষ কৰি এপি গোৱেল বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

চিবিআইৰ সঞ্চালক প্ৰধান হৈ থকা সময়ত তেওঁ হাই প্ৰফাইল আৰুচি–হেমৰাজ হত্যাকাণ্ড চম্ভালিছিল। তেওঁৰ কাৰ্যকালৰ সময়তে চিবিআইয়ে গুজৰাটত সোহৰাবুদ্দিন শ্বেখৰ ভুৱা এনকাউণ্টাৰ হত্যা সন্দৰ্ভত অমিত শ্বাহক গ্ৰেপ্তাৰ কৰিছিল।
First published: October 8, 2020, 9:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading