অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা TDPৰ প্ৰতিষ্ঠাপক এন টি ৰামা ৰাও (NT Rama Rao)ৰ কন্যা উমা মাহেশ্বৰীৰ সোমবাৰে হায়দৰাবাদৰ বাসগৃহত ডিঙিত ছীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে, আৰু CrPCৰ ১৭৪ ধাৰাত আত্মহত্যাৰ গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, চিলিং ফেনত ওলমি থকা মৃতদেহটো মাহেশ্বৰীৰ কন্যা আৰু জোঁৱাইয়ে আৱিষ্কাৰ কৰে । মাহেশ্বৰীৰ পৰা কোনো সঁহাৰি নোপোৱাৰ পিছত ভিতৰৰ পৰা বন্ধ কৰি থোৱা শোৱনি কোঠাটোৰ দুৱাৰ ভাঙি দিয়াত মৃতদেহটো উদ্ধাৰ হয়।
প্ৰাথমিক তথ্য অনুসৰি আৰক্ষীয়ে জনোৱা মতে, ডিপ্ৰেছনৰ বাবে উমা মাহেশ্বৰীয়ে চৰম পদক্ষেপ লোৱাৰ সন্দেহ কৰা হৈছে।
এন টি ৰামা ৰাওৰ ১২ টা সন্তানৰ ভিতৰত ৫৭বছৰীয়া উমা মাহেশ্বৰী (Uma Maheshwari) আছিল আটাইতকৈ সৰু। চাৰিজনী ভনীয়েকৰ ভিতৰত তাই আছিল কনিষ্ঠ। NTRৰ ১২টা সন্তান আছিল - ৮জন পুত্ৰ আৰু চাৰিগৰাকী কন্যা।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা দাগুবতী পুৰন্দেশ্বৰী আৰু টিডিপিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু (N. Chandrababu Naidu)ৰ পত্নী নৰা ভূৱনেশ্বৰী তেওঁৰ সুপৰিচিত ভগ্নী।
মৃত্যুৰ পিছতে চন্দ্ৰবাবু নাইডু, তেওঁৰ পুত্ৰ নৰা লোকেশৰ লগতে পৰিয়ালৰ আন লোকসকল ততাতৈয়াকৈ মাহেশ্বৰীৰ বাসগৃহলৈ গৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|