ফৰেনছিক পৰীক্ষা হ’ব ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্টৰ, আৰক্ষীয়ে ক’লে – UKৰ পৰা প্ৰেৰণ কৰা হৈছিল টকা

News18 Assam | News18-Assam
Updated:July 22, 2021, 8:54 AM IST
ফৰেনছিক পৰীক্ষা হ’ব ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্টৰ, আৰক্ষীয়ে ক’লে – UKৰ পৰা প্ৰেৰণ কৰা হৈছিল টকা
ফেব্ৰুৱাৰীত পৰ্ণগ্ৰাফী ৰেকেট ফাদিল হোৱাৰ পিছত বিগত সোমবাৰে আৰক্ষীয়ে উদ্যোগপতিগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে।

ফেব্ৰুৱাৰীত পৰ্ণগ্ৰাফী ৰেকেট ফাদিল হোৱাৰ পিছত বিগত সোমবাৰে আৰক্ষীয়ে উদ্যোগপতিগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে।

  • Share this:
অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উদ্যোগপতি ৰাজ কুন্দ্ৰাৰ বেংক একাউণ্টৰ ফৰেনছিক পৰীক্ষা কৰা হ’ব। এই কথা জনাইছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে। আৰক্ষীয়ে কয় যে ব্ৰিটেইনৰ কোম্পানী কেনৰিন প্ৰাইভেট লিমিটেডে কুন্দ্ৰাৰ কোম্পানীৰ সৈতে সম্পৰ্কিত ১৩টা বেংক একাউণ্টলৈ ধন ট্ৰান্সফাৰ কৰিছিল। ফেব্ৰুৱাৰীত পৰ্ণগ্ৰাফী ৰেকেট ফাদিল হোৱাৰ পিছত বিগত সোমবাৰে আৰক্ষীয়ে উদ্যোগপতিগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, ঘটনাৰ তদন্ত কৰি থকা মুম্বাই ক্ৰাইম ব্ৰাঞ্চে সদৰি কৰে যে কেনৰিন প্ৰাইভেট লিমিটেডে ৰাজ কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰীজৰ সৈতে সম্পৰ্কিত ১৩টা বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত এই কুন্দ্ৰাৰ নিজৰ একাউণ্টত প্ৰেৰণ কৰা হৈছিল। তেওঁ কয় যে ‘ছফ্টৱেৰ মেইনটেনেন্স’ৰ নামত এই ধন ট্ৰান্সফাৰ কৰা হৈছিল। আৰক্ষীৰ মতে, কুন্দ্ৰা আৰু তেওঁৰ কোম্পানীৰ সৈতে সম্পৰ্কিত একাউণ্টৰ ফৰেনছিক অডিট কৰিব।

ব্ৰিটেইনৰ কোম্পানী কেনৰিনে ২০১৯ত ‘হটশ্বট’ এপ কিনিছিল। ইয়াৰ পূৰ্বে এই এপটো আৰ্মছপ্ৰাইম মিডিয়াৰ হাতত আছিল। কুন্দ্ৰাই আৰ্মছপ্ৰাইমৰ সহ–স্বত্বাধিকাৰী আছিল। ২৫ হাজাৰ ডলাৰত এপ্লিকেচনটো বিক্ৰীৰ পিছত তেওঁ পদৰ পৰা ইস্তাফা দিছিল। বিক্ৰীৰ পিছতে তেওঁৰ বুজাবুজি হৈছিল যে হটশ্বটৰ ছফ্টৱেৰ মেইনটেনেন্সৰ কাম কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰীজে চাব। সেইবাবে ছফ্টৱেৰ মেইনটেনেন্সৰ নামত ধন ভিয়ান ইণ্ডাষ্ট্ৰীজৰ সৈতে সম্পৰ্কিত ১৩টা বেংক একাউণ্টত প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছত কুন্দ্ৰাৰ নিজৰ একাউণ্টলৈ আহিছিল সেই ধন।

Published by: Sanjay Kumar Das
First published: July 22, 2021, 8:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি