দেশী গৰুৰ গাখীৰত সোণ থাকে! বিদেশী প্ৰজাতিৰ গৰু মাতৃ নহয় মাহীহে! মন্তব্য বিজেপি নেতা দিলীপ ঘোষৰ

‘গো–মাতা’ক যিকোনো প্ৰকাৰে ৰক্ষা কৰিবলৈ বুলি মন্তব্য কৰে দিলীপ ঘোষে।

News18-Assam
Updated:November 5, 2019, 2:16 PM IST
দেশী গৰুৰ গাখীৰত সোণ থাকে! বিদেশী প্ৰজাতিৰ গৰু মাতৃ নহয় মাহীহে! মন্তব্য বিজেপি নেতা দিলীপ ঘোষৰ
‘গো–মাতা’ক যিকোনো প্ৰকাৰে ৰক্ষা কৰিবলৈ বুলি মন্তব্য কৰে দিলীপ ঘোষে।
News18-Assam
Updated: November 5, 2019, 2:16 PM IST
পশ্চিম বংগৰ বিজেপিৰ সভাপতিজনে যি মন্তব্য কৰিছে সেই কথা শুনিলে আপোনাৰ মুখৰ মাত হৰিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ANIত প্ৰকাশ পোৱা বাতৰি অনুসৰি দিলীপ ঘোষৰ মতে দেশী গৰুয়ে দিয়া গাখীৰত সোণ থাকে, যাৰ কাৰণে এই গাখীৰৰ সামান্য হালধীয়া। সূৰ্যৰ পোহৰ দেহৰ নাড়ীৰে গ্ৰহণ কৰি সোণ প্ৰস্তুত কৰে দেশী গৰুৱে আৰু সেইকাৰণে এই ‘গো–মাতা’ৰ গাখীৰ সুস্বাদু আৰু পুষ্টিকৰ। অৱশ্যে দিলীপ ঘোষৰ মতে বিদেশী প্ৰজাতিৰ অৰ্থাত্‍ জাৰ্চী আদি গাই আমাৰ মাতৃ নহয়। বিদেশী এই গৰুবোৰ আমাৰ মাহীহে! এইবোৰৰ গাখীৰ সিমান পুষ্টিকৰ নহয় আৰু ইয়াৰ গাখীৰত সোণ আদিও নাথাকে। গো–মাংস খোৱাসকলকো কঠোৰ তাচ্ছিল্য কৰি দিলীপ ঘোষে কয় যে একাংশ বুদ্ধিজীৱিয়ে পথৰ ওপৰতে গো–মাংস খায়, তেওঁলোকে ইচ্ছা কৰিলে কুকুৰৰ মাংসও খাব পাৰে কিন্তু পথৰ ওপৰত কিয়, নিজৰ ঘৰত খাওক। পশ্চিম বংগৰ এক গোপাষ্টমী মেলাৰ অনুষ্ঠানত দিলীপ ঘোষে কৰা মন্তব্যক লৈ যথেষ্ট চৰ্চা হৈছে এতিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি