চিবিআইৰ জিম্মাৰ পৰা জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ যোৱা আম আদমী পাৰ্টিৰ অধিবক্তাক নিৰাশ কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে আপৰ অধিবক্তাক এই ক্ষেত্ৰত কয়, "জামিন বিচাৰি উচ্চতম ন্যায়লয়লৈ কিয় আহিছে। এই পৰম্পৰা ভাল নহয়। প্ৰথমে উচ্চ ন্যায়ালয়ত আবেদন দিয়াটো নিয়ম। তাকে নকৰি পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাটো অনুচিত। "
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সন্মান জনাই আপৰ নেতৃত্বই দিল্লী উচ্চ ন্যায়ালয়ত চিচোদিয়াৰ জামিন আবেদন কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকীক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। তেঁওক ৮ ঘণ্টা জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ চিবিআইৰ অনুসন্ধানত সহায় নকৰাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ কৰা হৈছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : February 28, 2023, 19:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।