মুখ্যপৃষ্ঠা »খবৰ »দেশ »Lashkar Terrorist : কেনেদৰে মৃত্যু গহ্বৰলৈ পৰিণত হ'ল এখন ফুটবল মেচ, লস্কৰ-ই-তৈবাৰ শীৰ্ষ নেতা ধৰাশায়ী

Lashkar Terrorist : কেনেদৰে মৃত্যু গহ্বৰলৈ পৰিণত হ'ল এখন ফুটবল মেচ, লস্কৰ-ই-তৈবাৰ শীৰ্ষ নেতা ধৰাশায়ী

এই কথাটোও নিশ্চিত কৰা হৈছিল যাতে কোনো নীৰিহৰ প্ৰাণ বিপদত নপৰে আৰু সন্ত্ৰাসবাদী দুটাক ঘোৰি লোৱাৰ পিছতো আত্মসমৰ্পণৰ পৰ্যাপ্ত সুযোগ দিয়া হৈছিল। 

  • Share this:
ফুটবল খেলেই কাল হ'ল দুই লস্কৰ সন্ত্ৰাসবাদীৰ। খেল চাবলৈ আহি নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ হেৰুৱালে লস্কৰ-ই-তৈবা (Lashkar-e-Taiba)ৰ দুই সন্ত্ৰাসবাদীয়ে। জম্মু-কাশ্মীৰত বহু নীৰিহ লোক আৰু নিৰাপত্তাৰক্ষীক হত্যা কৰা এই দুটা মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীক আৰক্ষীয়ে অৱশেষত ধৰাশায়ী কৰিবলৈ সক্ষম হয়।

নিহত সন্ত্ৰাসবাদী দুটা হৈছে লস্কৰ-ই-তৈবাৰ দি ৰেজিষ্টেন্স ফ্ৰণ্ট (The Resistance Front, a frontal outfit of Lashkar-e-Taiba)ৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ আব্বাচ শ্বেইখ আৰু উপ সেনাধ্যক্ষ ছাকিব মঞ্জুৰ । এই দুয়োজন সন্ত্ৰাবাদীয়ে কেইবাগৰাকীও ৰাজনৈতিক কৰ্মীক হত্যা কৰাৰ লগতে  শ্ৰীনগৰত অধিবক্তা বাবৰ কাদ্ৰীক নিজ ঘৰতে গুলীয়াই হত্যা কৰিছিল।

অতি ছিক্ৰেট মিছনৰ অধীনত অভিযান চলাই ধৰাশায়ী কৰা হয় সন্ত্ৰাসবাদী দুটাক। এই অভিযানৰ কথা আৰক্ষীৰ অতি কম সংখ্যক লোকেহে জানিছিল। অভিযানকাৰী দলৰ সদস্যসকলকো বিশেষভাৱে বাছনি কৰা হৈছিল।

আৰক্ষীয়ে দুই সন্ত্ৰাসবাদীৰ গতিবিধি অনুসৰণ কৰি আছিল আৰু গোপন সূত্ৰৰ পৰা খবৰ পাইছিল যে আলোচী বাগৰ খাদ ফেক্টৰী খেলপথাৰত স্থানীয় দলৰ মাজত হ'বলগা এখন ফুটবল খেল চাবলৈ আহিব আব্বাচ শ্বেইখ আৰু ছাকীব মঞ্জুৰ।

খবৰ মতে খেল চাবলৈ অহাৰ চলেৰে স্থানীয় যুৱকক হাতত বন্দুক তুলি ল'বলৈ প্ৰলোভিত কৰাৰ অভিসন্ধী আছিল দুয়োৰে। সন্ত্ৰাসবাদী সংগঠনত যোগ দিবলৈ এনেদৰে চেষ্টা কৰি আছিল দুয়োটাই।

এই কথাটোও নিশ্চিত কৰা হৈছিল যাতে কোনো নীৰিহৰ প্ৰাণ বিপদত নপৰে আৰু সন্ত্ৰাসবাদী দুটাক ঘোৰি লোৱাৰ পিছতো আত্মসমৰ্পণৰ পৰ্যাপ্ত সুযোগ দিয়া হৈছিল।

শেহতীয়া বাতৰি