உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ক'ভিডৰ দিনৰ জীৱনঃ হোটেল মেনেজাৰ হৈছিল ডেলিভাৰী বয়, কিন্তু সেইকণ আশাও শেষ কৰিলে মাতাল কনিষ্টবলৰ SUVয়ে

    ক'ভিডৰ দিনৰ জীৱনঃ হোটেল মেনেজাৰ হৈছিল ডেলিভাৰী বয়, কিন্তু সেইকণ আশাও শেষ কৰিলে মাতাল কনিষ্টবলৰ SUVয়ে

    A life in Covid: কিন্তু ২০২০ চনৰ প্ৰথমটো লকডাউন আৰম্ভ হৈছিল আৰু ত্ৰিপাঠীয়ে চাকৰি হেৰুৱাইছিল, কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত হেৰুৱাইছিল দেউতাকক।

    A life in Covid: কিন্তু ২০২০ চনৰ প্ৰথমটো লকডাউন আৰম্ভ হৈছিল আৰু ত্ৰিপাঠীয়ে চাকৰি হেৰুৱাইছিল, কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত হেৰুৱাইছিল দেউতাকক।

    A life in Covid: কিন্তু ২০২০ চনৰ প্ৰথমটো লকডাউন আৰম্ভ হৈছিল আৰু ত্ৰিপাঠীয়ে চাকৰি হেৰুৱাইছিল, কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত হেৰুৱাইছিল দেউতাকক।

    • Share this:

    ৰাজধানী দিল্লীত সংঘটিত এক দুৰ্ঘটনাত এজন জ'মেটো (Zomato) ডেলিভাৰী কৰ্মীয়ে প্ৰাণ হেৰুৱায়৷ এগৰাকী মাতাল আৰক্ষী কনিষ্টবলৰ SUV গাড়ীয়ে তেওঁৰ বাইকত খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই ডেলিভাৰী বয় সলিল চৌধুৰীয়ে (Salil Tripathi)। কিন্তু এই ঘটনাটোৱে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰে। কিয়নো ডেলিভাৰী বয় ৰূপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰীৰ জীৱন আছিল কোভিডকালীন ভাৰতৰ পৰিস্থিতিয়ে নিৰ্মাণ কৰা জীৱন যুদ্ধৰ কৰুণ প্ৰতীক।


    পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সলিল ত্ৰিপাঠী আছিল এগৰাকী হোটেল মেনেজাৰ। তেওঁ কেইবাখনো তাৰকাযুক্ত হোটেলত কাম কৰিছিল। কোভিড মহামাৰীৰ প্ৰথমটো ঢৌৰ পিছত তেওঁ চাকৰি হেৰুৱাব লগাত পৰে। পৰিয়ালৰ মতে, তেওঁ ৩৬ বছৰ বয়সত এক আৰামদায়ক জীৱন যাপন কৰি আছিল, তেওঁৰ পত্নী আৰু তেওঁলোকৰ পুত্ৰৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীৰ এখন ব্যস্ত উপনগৰত বসতি স্থাপন কৰিছিল তেওঁ।


    কিন্তু ২০২০ চনৰ প্ৰথমটো লকডাউন আৰম্ভ হৈছিল আৰু ত্ৰিপাঠীয়ে চাকৰি হেৰুৱাইছিল, কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত হেৰুৱাইছিল দেউতাকক। আৰু এবছৰৰ ভিতৰতে হোটেল মেনেজমেণ্টৰ গ্ৰেজুৱেট সলিল চৌধুৰীয়ে এজন জ'মেটো ডেলিভাৰী একজিকিউটিভ (Zomato delivery executive) ৰূপে পৰিয়াল চলাবলৈ বাধ্য হৈছিল।


    ইমানলৈ সকলো ঠিকে আছিল। কিন্তু শনিবাৰে নিশা এজন আৰক্ষী কনিষ্টবলৰ দ্বাৰা চালিত এছ ইউ ভিয়ে (SUV driven by a police constable) তেওঁৰ জীৱনবন্তি নুমাই দিয়ে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে চালকজনে সুৰাপান কৰিছিল। ত্ৰিপাঠীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ১০ বছৰীয়া পুত্ৰ এতিয়া অন্ধকাৰৰ কৰাল গ্ৰাসত। ক'ভিডে পৰিয়ালটোলৈ নমাই অনা বিপদ সন্দৰ্ভত তেওঁৰ পত্নীয়ে কয়-
    "এটা সময় আছিল যেতিয়া সলিলে ভাল উপাৰ্জন কৰিছিল আৰু এক আৰামদায়ক জীৱন যাপন কৰিছিলো। প্ৰথম লকডাউনৰ পিছত সকলো সলনি হ'ল। আমি শেষ ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছিলোঁ। এতিয়া আমি পুনৰ সংকটত পৰিলোঁ।''


    অৱশ্যে পৰিয়ালটোৰ দুৰৱস্থাৰ মাজত জ'মেটো কোম্পানীটো কাষত থিয় দিয়া পৰিলক্ষিত হৈছে। ডেলিভাৰী কোম্পানীটোৱে কয় যে কোম্পানীটোৰ মৃত কৰ্মচাৰীৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব৷

    Published by:Gautam Barman
    First published: