মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»২০ লাখ কোটিৰ আৰ্থিক পেকেজৰ কোনে কিমান পাব? আজি বিয়লি ৪ বজাত ঘোষণা কৰিব বিত্ত মন্ত্ৰী সীতাৰমনে

২০ লাখ কোটিৰ আৰ্থিক পেকেজৰ কোনে কিমান পাব? আজি বিয়লি ৪ বজাত ঘোষণা কৰিব বিত্ত মন্ত্ৰী সীতাৰমনে

News18 Assam | News18-Assam
Updated:May 13, 2020, 12:30 PM IST
২০ লাখ কোটিৰ আৰ্থিক পেকেজৰ কোনে কিমান পাব? আজি বিয়লি ৪ বজাত ঘোষণা কৰিব বিত্ত মন্ত্ৰী সীতাৰমনে
Source-Google

বিশেষজ্ঞৰ মতে, চৰকাৰে পিএম কিষাণ সন্মান আঁচনিৰ বিস্তাৰৰ ওপৰত সিদ্ধান্ত ল’ব পাৰে। ইয়াৰ উপৰি কৃষকৰ আয় বৃদ্ধিক লৈ চৰকাৰে কৰিব পাৰে ঘোষণা।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ বিভিন্ন ক্ষেত্ৰক শক্তি প্ৰদানৰ উদ্দেশ্যে মঙলবাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে। এয়া দেশৰ জিডিপিৰ প্ৰায় ১০ শতাংশ। এই আৰ্থিক পেকেজৰ ক’ত কিমান প্ৰদান কৰা হ’ব সেই সম্পৰ্কে আজি বিয়লি ৪ বজাত ঘোষণা কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বিগত ৬ বছৰত যি শুধৰণি হ’ল তাৰ বাবে আজি ভাৰতৰ অৰ্থব্যৱস্থা অধিক সক্ষম তথা সমৰ্থবান হৈছে। এই শুধৰণি কৃষিৰ সৈতেও জড়িত হ’ব যাতে কৃষকসকল শক্তিশালী হয় আৰু ভৱিষ্যতে কোৰোণাৰ সংকটৰ দৰে আন দুৰ্যোগত কৃষিকৰ্মৰ ওপৰত কম প্ৰভাৱ পৰে।

বিশেষজ্ঞৰ মতে, চৰকাৰে পিএম কিষাণ সন্মান আঁচনিৰ বিস্তাৰৰ ওপৰত সিদ্ধান্ত ল’ব পাৰে। ইয়াৰ উপৰি কৃষকৰ আয় বৃদ্ধিক লৈ চৰকাৰে কৰিব পাৰে ঘোষণা।

আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সাকাৰ কৰাৰ বাবে এই পেকেজত Land, Labour, Liquidity আৰু Laws, এই সকলোৰে ওপৰত গুৰুত্ব দিয়া হৈছে। এই আৰ্থিক পেকেজে আমাৰ কূটিৰ শিল্প, গৃহ উদ্যোগ, লঘু–মজলীয়া উদ্যোগ, MSMEৰ বাবে, যি কোটি কোটি লোকৰ জীৱিকাৰ পথ। যিটো আত্মনিৰ্ভৰ ভাৰতৰ আমাৰ সংকল্পৰ মজবুত আধাৰ। এই আৰ্থিক পেকেজ দেশৰ সেইসকল শ্ৰমিকৰ বাবে, সেইসকল কৃষকৰ বাবে, যিসকলে দেশৰ সকলো পৰিস্থিতি, সকলো সময়তে দেশবাসীৰ বাবে দিনে–নিশাই পৰিশ্ৰম কৰি আছে।
First published: May 13, 2020, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি