বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল-কৃষকৰ বাবে ২ লাখ কোটি টকাৰ পেকেজ, দুগ্ধ পালক, মীন পালকৰ বাবেও লৈছে অভিলাসী আঁচনি

News18 Assam | News18-Assam
Updated:May 15, 2020, 7:35 PM IST
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল-কৃষকৰ বাবে ২ লাখ কোটি টকাৰ পেকেজ, দুগ্ধ পালক, মীন পালকৰ বাবেও লৈছে অভিলাসী আঁচনি
কেৰাহে তৃতীয় দিনৰ বাবে  সম্বোধন কৰে সংবাদমেলৰ

কেৰাহে তৃতীয় দিনৰ বাবে  সম্বোধন কৰে সংবাদমেলৰ

  • Share this:
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল। একেৰাহে তৃতীয় দিনৰ বাবে  সম্বোধন কৰে সংবাদমেলৰ। আজিৰ সংবাদমেলত কৃষি আৰু মীন পালনত গুৰুত্ব।

সংবাদমেলত কি ক’লে বিত্তমন্ত্ৰীয়ে


  • ১১টা ক্ষেত্ৰত দিয়া হৈছে গুৰুত্ব।

  • কৃষকৰ কল্যাণত চৰকাৰৰ গুৰত্ব। কৃষকৰ বাবে ২ লাখ কোটি টকাৰ ব্যৱস্থা। ১৮ হাজাৰ ৭০০ কোটি টকা কৃষকৰ একাউণ্টত দিয়া হৈছে।

  • দুগ্ধ পালকৰ বাবে কৰ ৰেহাই ঘোষণা। বছৰি ২ শতাংশ সুত ৰেহাই দুগ্ধ পালকক।

  • কৃষি আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে আঁচনি ঘোষণা। এই আন্তগাঁঠনিৰ বাবে ১লাখ কোটি টকা আগবঢ়াইছে চৰকাৰে। এই আঁচনিৰ অধীনত শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হ’ব।


  • থলুৱা সামগ্ৰীৰ বিপণনৰ বাবে ১হেজাৰ কোটি টকা।উত্তৰ পূৱৰ সামগ্ৰীও এই আঁচনিত অন্তৰ্ভূক্ত হ’ব। মহিলা SC, ST এই আঁচনিত অগ্ৰাধিকাৰ পাব। পাট–মুগা শিল্পী, জাপি শিল্প আদিও লাভাম্বিত হ’ব।

  • প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা ঘোষণা। ১১হাজাৰ কোটি টকা আৱণ্টন। ৯হাজাৰ কোটি টকা আন্তঃগাঁঠনি উন্নয়নৰ বাবে আৱণ্টন।

  • দেশত আছে ৫৩কোটি পোহনীয়া জন্তু। প্ৰতিটো জন্তুৰে হ’ব চিতাকৰণ।

  • দুগ্ধ পালনৰ আন্তঃগাঁঠনিৰ বাবে ১৫হাজাৰ কোটি আৱণ্টন। মৌ পালকৰ বাবেও সুকীয়া আঁচনি। এই আঁচনিৰ বাবে ৫০০ কোটি টকা আৱণ্টন।

  • শাক পাচলিৰ বাবে ৫০০কোটি টকাৰ আঁচনি।

  • ৬ মাহৰ বাবে হ’ব পাইলট প্ৰজেক্ট।

  • পাচলি সংৰক্ষণৰ বাবে হ’ব এই আঁচনি। পাচলিৰ ভঁৰালত নিৰ্মাণত ৫০ শতাংশ ৰাজ সাহাৰ্য।পাচলি পৰিবহণৰ বাবে ৫০ শতাংশ ৰাজ সাহাৰ্য।

First published: May 15, 2020, 7:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি