মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nirmala Sitharaman to News18: আদানী গ্ৰুপত এছ বি আই আৰু এল আই চিৰ বিনিয়োগ সন্দৰ্ভত কি উত্তৰ দিলে বিত্তমন্ত্ৰী সীতাৰমণে

Nirmala Sitharaman to News18: আদানী গ্ৰুপত এছ বি আই আৰু এল আই চিৰ বিনিয়োগ সন্দৰ্ভত কি উত্তৰ দিলে বিত্তমন্ত্ৰী সীতাৰমণে

Nirmala Sitharaman Interview : কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে দেশৰ বেংকিং ব্যৱস্থাও সম্পূৰ্ণ সুৰক্ষিত

Nirmala Sitharaman Interview : কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে দেশৰ বেংকিং ব্যৱস্থাও সম্পূৰ্ণ সুৰক্ষিত

Nirmala Sitharaman Interview : কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে দেশৰ বেংকিং ব্যৱস্থাও সম্পূৰ্ণ সুৰক্ষিত

  • Share this:

বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এয়া আছিল দেশত দ্বিতীয়খন মোদী চৰকাৰৰ অন্তিম বাজেট। বাজেট দাখিলৰ পিছত শুকুৰবাৰে NETWORK18 গ্ৰুপৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে এক সাক্ষাৎকাৰত অংশ লয় নিৰ্মলা সীতাৰমণে।


সাক্ষাত্‍কাৰৰ সময়ত আদানী গ্ৰুপত এছ বি আই আৰু এল আই চিৰ বিনিয়োগ সন্দৰ্ভত বিৰোধী দলে প্ৰকাশ কৰা আশংকা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়ে বিত্তমন্ত্ৰীয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গ্ৰুপত এছ বি আই আৰু এল আই চিৰ বিনিয়োগক লৈ উত্থাপিত প্ৰশ্ন সন্দৰ্ভত কয়- ‘মই সোঁৱৰাই দিব বিচাৰোঁ যে এছ বি আই আৰু এল আই চি উভয়ৰে চি এম ডিয়ে বিশদ বিবৃতি জাৰি কৰিছিল আৰু সেইবোৰ উন্মোচিত নহ’ব বুলি আশ্বাস দিছিল।’ তেওঁ আৰু কয়, ‘ভাৰতীয় বেংকিং খণ্ড আজি কম এনপিএৰে আৰামদায়ক স্তৰত আছে। এছ বি আই আৰু এল আই চি দুয়োটাই বিশদ বিবৃতি জাৰি কৰিছে (আদানীৰ ওপৰত)...তেওঁলোকে কৈছে যে তেওঁলোকে নিজৰ বিনিয়োগৰ বিপৰীতে লাভ কৰিছে, যিটো মই বুজি পাওঁ যে সীমাৰ ভিতৰত আছে।'' বিত্তমন্ত্ৰীয়ে একপ্ৰকাৰ এই দিশত প্ৰকাশ কৰা আশংকা নুই কৰে।


উল্লেখ্য, আদানি গ্ৰুপৰ শ্বেয়াৰক লৈ বিতৰ্ক অব্যাহত আছে কিয়নো আদানী গ্ৰুপত এল আই চি আৰু এছ বি আয়ে যথেষ্ট বিনিয়োগ কৰিছে। বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে যদি আদানী গ্ৰুপ ডুব যায় তেন্তে বিপুল পৰিমাণৰ ধন হেৰুৱাব। কিন্তু বিত্তমন্ত্ৰীয়ে এল আই চি আৰু এছ বি আই সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি কয়।





কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে দেশৰ বেংকিং ব্যৱস্থাও সম্পূৰ্ণ সুৰক্ষিত। বেংকিং ব্যৱস্থাক ইয়াৰ অশান্ত অৱস্থাৰ পৰা বচাব পৰাটো সম্ভৱ হৈছে বুলি তেওঁ আত্মবিশ্বাসসহকাৰে প্ৰকাশ কৰে।

শেহতীয়া বাতৰি