বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেলঃ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকলৈ বিশেষ পেকেজ, ৰেচন কাৰ্ড নথকা শ্ৰমিকেও লাভ কৰিব বিশেষ সুবিধা

News18 Assam | News18-Assam
Updated:May 14, 2020, 6:23 PM IST
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেলঃ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকলৈ বিশেষ পেকেজ, ৰেচন কাৰ্ড নথকা শ্ৰমিকেও লাভ কৰিব বিশেষ সুবিধা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল। সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে আজি ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ‘খেতিয়কৰ বাবে  ৪ কোটি টকাৰ কৃষি ঋণ দিয়া হৈছিল। ৩ মাহৰ বাবে পূৰ্বে সুত স্থগিত কৰা হৈছিল।এই সময়সীমা বৃদ্ধি কৰা হৈছে ৩১ মে’, ২০২০ লৈকে। গ্ৰাম্যখণ্ডত উন্নয়নৰ বাবে ‘Rural Infrastructure Development Fund-ৰ আধাৰত ৰাজ্যসমূহলৈ ৪,২০০ কোটি টকা মুকলি কৰা হৈছে চলিত বছৰৰ মাৰ্চ মাহত।

বিত্তমন্ত্ৰীগৰাকীৰ লগতে কেইটামান বিশেষ ঘোষণা-


  • কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ ঘোষণা।

  • ৩৫০০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা।

  • প্ৰব্ৰজিত শ্ৰমিকক প্ৰদান কৰা হ’ব খাদ্য।


  • ৰেচন কাৰ্ড নথকা শ্ৰমিকেও পাব সাহায্য।

  • দৰিদ্ৰ শ্ৰমিকৰ বাবে বিশেষ পেকেজ। ৫ কেজি দাইল আৰু ১ কেজি বুট প্ৰদানৰ ব্যৱস্থা। অনাগত দুটা মাহৰ বাবে প্ৰদান কৰা হ’ব এই সাহায্য।

  • কেন্দ্ৰীয় চৰকাৰে বহন কৰিব সকলো খৰচ।

First published: May 14, 2020, 5:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি