কৰ দাতাসকলৰ বাবে ডাঙৰ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ, কৰ্মচাৰীৰ ভৱিষ্যত নিধিকলৈও বিশেষ ঘোষণা

News18 Assam | News18-Assam
Updated:May 13, 2020, 7:03 PM IST
কৰ দাতাসকলৰ বাবে ডাঙৰ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ, কৰ্মচাৰীৰ ভৱিষ্যত নিধিকলৈও বিশেষ ঘোষণা
বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে

বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে

  • Share this:
বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। দেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কৰ দাতাসকলৰ বাবেও বিশেষ ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। দেশৰ টেক্স অডিট আৰম্ভ হ’ব ৩১ অক্টোবৰৰ পৰা। সেইদৰে  আয়কৰ দাখিলৰ সময়সীমা ৩০ নবেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। আয়কৰ দাখিলৰ সময়সীমা তিনিমাহৰ বাবে বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে পূৰ্বতে ৩১ জুলাই আছিল আয়কৰ দাখিলৰ শেষ সময়সীমা।

লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ ২৪ শতাংশ ধন চৰকাৰে অতিৰিক্ত তিনি মাহৰ বাবে বহন কৰিব।  ইয়াৰ ফলত লাভ হ’ব ৭২ হাজাৰ ২২ লাখ কৰ্মচাৰীৰ। পূৰ্বে ১২ শতাংশ কৰ্মচাৰী আৰু ১২ শতাংশ নিয়োগকৰ্তাই বহন কৰিছিল। কিন্তু আগন্তুক তিনিমাহৰ বাবে মালিকপক্ষই ১০ শতাংশ প্ৰদান কৰিলেও হ’ব। এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
First published: May 13, 2020, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি