• Home
  • »
  • News
  • »
  • nation
  • »
  • Kerala Floods: কেৰালাত মূষলধাৰ বৰষুণৰ ফলত ভয়ংকৰ কৃত্ৰিম বান, এতিয়ালৈ ১৮জনৰ মৃত্যু

Kerala Floods: কেৰালাত মূষলধাৰ বৰষুণৰ ফলত ভয়ংকৰ কৃত্ৰিম বান, এতিয়ালৈ ১৮জনৰ মৃত্যু

কেৰালাৰ মুখ্যমন্ত্ৰী বিনাৰাই বিজয়নে ৰাজ্যত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখি শনিবাৰে নিশা এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে।

  • Share this:

দক্ষিণ আৰু মধ্য কেৰালাত শনিবাৰৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত এতিয়ালৈ ১৮জন লোকৰ মৃত্যু হৈছে। আনহাতে, কোট্টায়ম আৰু ইডুক্কী জিলাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ফলত ২২জন লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে। কেৰালাত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযানৰ বাবে সেনাৰ সহায় বিচাৰিছে। বৰষুণৰ ফলত হোৱা এই পৰিস্থিতিৰ ফলত কেইবাজনো লোক আহত হোৱাৰো খবৰ প্ৰকাশ পাইছে। বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বানৰ প্ৰতি লক্ষ্য ৰাখি নামনি অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

কেৰালাৰ মুখ্যমন্ত্ৰী বিনাৰাই বিজয়নে ৰাজ্যত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখি শনিবাৰে নিশা এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ কয় যে ৰাজ্যৰ কিছু অংশত পৰিস্থিতি খুব গম্ভীৰ। আমি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰিম। আমি সেনা, নৌসেনা আৰু বায়ুসেনাৰ পৰা সহায় বিচাৰিছো। জিলাত সাহায্য শিবিৰ বনোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে সকলো বান্ধৰ জলস্তৰ নিৰীক্ষণ কৰি আছে। মুষলধাৰ বৰষুণৰ ফলত তিনিখন জিলা কোট্টায়ম, পথানামথিট্টা আৰু ইডুক্কী আটাইতকৈ বেছি প্ৰভাৱিত হৈছে।

Published by:Sanjay Kumar Das
First published: