দেশৰ কেইবাখনো ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত্যু হৈছে ২০০ৰো অধিক লোকৰ। মধ্য প্ৰদেশ, কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাটৰ লগতে কেইবাখনো ৰাজ্যত বান আৰু মূষলধাৰ বৰষুণৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছে জনসাধাৰণ।
কেৰালাত এতিয়াও অব্যাহত আছে মূষলধাৰ বৰষুণ। বান–ভূমিস্খলনত এইপৰ্যন্ত ৰাজ্যখনত ৭২জন লোকৰ মৃত্যু হৈছে। আশ্ৰয় শিবিৰত আছে ২.২৭ লাখ লোক। মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে দেওবাৰে ৰাজ্যখনৰ বান পৰিস্থিতিক লৈ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মিলিত হয় বৈঠকত।
ইফালে, দেওবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ নিজৰ সংসদীয় সমষ্টি ৱাইনাডত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বানৰ লগতে ভূমিস্খলন হোৱা স্থানৰো বুজ লয় ৰাহুল গান্ধীয়ে। আনহাতে, ৰাজস্থানৰ পূব আৰু পশ্চিম প্ৰান্তৰ বিভিন্ন স্থানত বিগত ২৪ ঘণ্টা ধৰি অব্যাহত আছে বৰষুণ।
![]()
ৱাইনাডত ৰাহুল গান্ধী (Rahul S. Ravi/All India Congress Committee via AP)
উত্তৰাখণ্ডৰ দেৰাডুনৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত দুই যুৱক দেওবাৰে নদীৰ কোবাল সোঁতত উটি যায়। আৰক্ষীয়ে জনোৱা অনুসৰি, ইয়াৰে এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আনজনৰ সন্ধানত অব্যাহত আছে অভিযান।
![]()
ৱাইনাডত ভয়ংকৰ ভূমিস্খলন (Rahul S. Ravi/All India Congress Committee via AP)
দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিমানেৰে কৰ্ণাটকৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ৰাজ্যখনত এইপৰ্যন্ত বানত মৃত্যু হৈছে ৪০জন লোকৰ। চাৰি লাখৰো অধিক লোক গৃহহাৰা হৈছে বানত। ৰাজ্যখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈছে।
![]()
কৰ্ণাটকৰ বান পৰিস্থিতি পৰ্যবেক্ষণ অমিত শ্বাহৰ
বানত সৰ্বাধিক প্ৰভাৱিত হৈছে বেলাগাৱী, বগলকোট, বিজয়পুৰা, গৰাগ, উত্তৰ কন্নড়, ৰায়চুৰ, য়দিগীৰ, দক্ষিণ কন্নড়, উড্ডুপী, চিকমংগলুৰ আৰু কোডাগু জিলা।
![]()
মলপুৰমৰ এক দৃশ্য (PTI Photo)
মহাৰাষ্ট্ৰৰ চাংলী জিলাত নাও দুৰ্ঘটনাত ৫জনৰ মৃত্যুকে ধৰি মুঠ ১৭জন লোকৰ মৃত্যু হৈছে। বান প্ৰভাৱিত অঞ্চলৰ পৰা এইপৰ্যন্ত চাৰি লাখ লোকক উদ্ধাৰ কৰা হৈছে। গুজৰাটত বানৰ ফলত এইপৰ্যন্ত মৃত্যু হৈছে ২৪জন লোকৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|