
Source-Google
বৰ্তমান সময়ত ফিক্সড ডিপ’জিট সকলোৱে পছন্দ কৰা এক বিনিয়োগ বিকল্প হিচাপে পৰিগণিত হৈছে।
আমি সকলোৱে কম-বেছি পৰিমাণে সঞ্চয়ৰ বাবে আগ্ৰহী। কিন্তু প্ৰয়োজনীয় তথ্য আৰু সঠিক বিনিয়োগ প্ৰতিষ্ঠানৰ জ্ঞানৰ অভাৱৰ বাবে বহুসময়ত সঞ্চয় সম্ভৱ নহয়। দেশৰ শীৰ্ষ বিত্তীয় প্ৰতিস্থান যেনে ষ্টেট বেঙ্ক অফ ইণ্ডিয়া, এইচ.ডি.এফ.চি. বেঙ্ক, আই.চি.আই.চি.আই. বেঙ্ক আৰু আই.ডি.এফ.চি. ফাৰ্ষ্ট বেঙ্কৰ দৰে বেংকবোৰে হ্ৰস্ব ম্যাদী আৰু দীৰ্ঘম্যাদী সঞ্চয়ৰ বিকল্প সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও ডাকঘৰতো এনেধৰণৰ সুবিধা উপলব্ধ, য’ত বেংকসমূহৰ দৰে কোৱাৰ্টাৰলি সংশোধন হাৰ প্ৰদান কৰা দেখা যায়।
সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টিকাৰী ক’ৰনা ভাইৰাছ মহামাৰীৰ মাজতে, এই সঞ্চয়সমূহৰ ওপৰত সূতৰ হাৰ ১ এপ্ৰিলত সংশোধন কৰা হৈছিল। বৰ্তমান সময়ত ফিক্সড ডিপ’জিট সকলোৱে পছন্দ কৰা এক বিনিয়োগ বিকল্প হিচাপে পৰিগণিত হৈছে।
ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফিক্সড ডিপ’জিটৰ ম্যাদ ৭ দিনৰ পৰা ১০ বছৰলৈ পৃথক হ'ব পাৰে। বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি এইটো হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী হয়। এছ.বি.আই.ৰ সাধাৰণ গ্ৰাহকসকলে ফিক্সড ডিপ’জিটৰ সূতৰ হাৰ ২.৯ শতাংশৰ পৰা ৫.৪ শতাংশৰ ভিতৰত লাভ কৰিব পাৰে।
ডাকঘৰৰ টাৰ্ম ডিপ’জিট আচঁনিবোৰ ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়। ডাকঘৰৰ এই জমা আঁচনিবোৰ বেঙ্কৰ ফিক্সড ডিপ’জিটৰ দৰে একেই। ডাকঘৰে এবছৰৰ পৰা পাঁচ বছৰলৈকে ম্যাদী জমা প্ৰদান কৰে। ইচ্ছুক বিনিয়োগকাৰীয়ে ডাকঘৰ টাৰ্ম ডিপ’জিট আচঁনিৰ জৰিয়তে এবছৰৰ বিনিয়োগ কালৰ বাবে ৫.৫ শতাংশ সূতৰ হাৰ লাভ কৰিব পাৰে। আনহাতে পাঁচ বছৰীয়া টাৰ্ম ডিপ’জিট আচঁনিৰ বাবে ৬.৭ শতাংশ সূতৰ হাৰ প্ৰদান কৰে।
আই.ডি.এফ.চি. ফাৰ্ষ্ট বেঙ্কৰ শেহতীয়া এফডি সূতৰ হাৰ ১৫ ছেপ্টেম্বৰ, ২০২০ ৰ পৰা কাৰ্যকৰী হৈছে। এই বেঙ্কটোৱে সাত দিনৰ পৰা এবছৰলৈকে হ্ৰস্বম্যাদী ফিক্সড ডিপ’জিটৰ লগতে একৰ পৰা দহ বছৰলৈকে দীৰ্ঘম্যাদী ফিক্সড ডিপ’জিট প্ৰদান কৰে। আই.ডি.এফ.চি. ফাৰ্ষ্ট বেঙ্কত ৭ দিনৰ পৰা দহ বছৰৰ জমাৰ বাবে ২.৭৫ শতাংশৰ পৰা ৫.৭৫ শতাংশ লৈকে লাভ কৰিব পাৰি। ৫০০ দিনৰ বাবে ইয়াৰ সুতৰ হাৰ ৬ শতাংশ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|