உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • চীনা সৈন্যই অৰুণাচলত অপহৰণ কৰিছে ৫ ভাৰতীয়ক! ছচিয়েল মিডিয়াত অপহৃতৰ আত্মীয়ৰ কাতৰ আহ্বানৰ পিছত কি ক'লে ভাৰতীয় সেনাই?

    চীনা সৈন্যই অৰুণাচলত অপহৰণ কৰিছে ৫ ভাৰতীয়ক! ছচিয়েল মিডিয়াত অপহৃতৰ আত্মীয়ৰ কাতৰ আহ্বানৰ পিছত কি ক'লে ভাৰতীয় সেনাই?

    Source-Google

    Source-Google

    চীনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। অৰুণাচল প্ৰদেশৰ এজন কংগ্ৰেছী বিধায়কৰ মন্তব্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    • Share this:
    চীনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। অৰুণাচল প্ৰদেশৰ এজন কংগ্ৰেছী বিধায়কৰ মন্তব্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছ বিধায়ক নিনং এৰিঙৰ বিস্ফোৰক দাবী- আপাৰ সোৱনশিৰি জিলাৰ নাচু গাঁৱৰ পাঁচজনকৈ লোকক চীনা সৈন্যই অপহৰণ কৰিছে। সীমান্ত অঞ্চলত চিকাৰ কৰিবলৈ যাওঁতেই পাঁচজনকৈ অৰুণাচলী লোকক চীনা সৈন্যই অপহৰণ কৰিছে বুলি অভিযোগ কংগ্ৰেছী বিধায়কজনক।

    কিন্তু বিধায়কজনৰ এই অভিযোগ এতিয়া নসাত্‍ কৰিছে ভাৰতীয় সেনাই। তেজপুৰস্থিত ডিফেন্স পি আি অ’ৰ হৰ্ষবৰ্ধন পাণ্ডেই কয় যে, এতিয়ালৈকে অৰুণাচল প্ৰদেশৰ পৰা চীনা সৈন্যই কোনো ভাৰতীয় লোকক অপৰহণ কৰাৰ তথ্য নাই। আনকি আৰক্ষী চকীতো কোনো ধৰণৰ সন্ধানহীন হোৱা ৰিপৰ্ট দিয়া দাখিল কৰা হোৱা নাই।

    বিষয়াগৰাকীয়ে সন্দেহ কৰে যে, চিকাৰ কৰিবলৈ যোৱা যুৱককেইজন যি ঠাইৰ পৰা অপহৰণ কৰিছে বুলি অভিযোগ কৰিছে, সেইঠাইলৈ খোজকাঢ়ি গ’লে প্ৰায় তিনিদিন লাগে। আনকি আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰাও অপহৰণ সংক্ৰান্তীয় কোনো খবৰ লাভ কৰা নাই।
    Published by:Himangshu Bhuyan
    First published: