মুখ্যপৃষ্ঠা »খবৰ »দেশ »পাকিস্তানৰ জে'লৰ পৰা মুকলি ২০ ভাৰতীয় নাগৰিকক, ৱাঘা সীমান্তত গতাব ভাৰতক

পাকিস্তানৰ জে'লৰ পৰা মুকলি ২০ ভাৰতীয় নাগৰিকক, ৱাঘা সীমান্তত গতাব ভাৰতক

৫৮৮জন ভাৰতীয় নাগৰিক এতিয়াও লেণ্ডি কাৰাগাৰত বন্দী হৈ আছে, যাৰ বেছিভাগেই মাছমৰীয়া।

৫৮৮জন ভাৰতীয় নাগৰিক এতিয়াও লেণ্ডি কাৰাগাৰত বন্দী হৈ আছে, যাৰ বেছিভাগেই মাছমৰীয়া।

৫৮৮জন ভাৰতীয় নাগৰিক এতিয়াও লেণ্ডি কাৰাগাৰত বন্দী হৈ আছে, যাৰ বেছিভাগেই মাছমৰীয়া।

  • Share this:

পাকিস্তানৰ জলসীমাত অবৈধ প্ৰৱেশ কৰি মাছ ধৰাৰ অভিযোগত চাৰি বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ পিছত দেওবাৰে ২০জন ভাৰতীয় মাছমৰীয়াক পাকিস্তানৰ লেণ্ডি জিলা কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।


মুকলি কৰা মাছমৰীয়াসকলক সোমবাৰে ৱাঘা সীমান্তলৈ অনা হ'ব আৰু তেওঁলোকক ভাৰতীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰা হ'ব। মুকলি কৰা বেছিভাগ মাছমৰীয়া গুজৰাটৰ। লেণ্ডি কাৰাগাৰৰ অধীক্ষক ইৰশাদ শ্বাহে কয় যে ভাৰতীয় কৰ্তৃপক্ষই তেওঁলোকৰ ৰাষ্ট্ৰীয়তা নিশ্চিত কৰাৰ পিছত মাছমৰীয়াসকলক সদিচ্ছাৰ স্বৰূপে হিচাপে মুকলি কৰি দিয়া হৈছে।


উল্লেখ্য, বিষয়াজনে জানিবলৈ দিয়া মতে, ৫৮৮জন ভাৰতীয় নাগৰিক এতিয়াও লেণ্ডি কাৰাগাৰত বন্দী হৈ আছে, যাৰ বেছিভাগেই মাছমৰীয়া।

শেহতীয়া বাতৰি