বিয়া পাতি চপাই ল’লে বিপদ! পত্নীয়ে জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা চলালে স্বামীক

News18 Assam | News18-Assam
Updated:February 2, 2020, 9:31 AM IST
বিয়া পাতি চপাই ল’লে বিপদ! পত্নীয়ে জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা চলালে স্বামীক
স্বামীক হাস্পতালত ভৰ্তি কৰাই পলায়ন কৰে মহিলাগৰাকীয়ে।

স্বামীক হাস্পতালত ভৰ্তি কৰাই পলায়ন কৰে মহিলাগৰাকীয়ে।

  • Share this:
বিয়া পাতি বিপদত পৰিল এজন লোক। জীৱনটো একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া পত্নীয়ে হৈ পৰিল জীৱনৰ শত্ৰু। ইমানেই নহয়, নিষ্ঠুৰ পত্নীয়ে স্বামীক জীৱন্তে জ্বলাই দিবলৈও কুণ্ঠবোধ নকৰিলে। ঘটনাটো ছত্তীশগড়ৰ অম্বিকাপুৰৰ।

সুৰজপুৰ জিলাৰ কল্যাণপুৰ অঞ্চলৰ প্ৰেম শংকৰ পাণ্ডেই কিছু বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জয়নগৰৰ বাসিন্দা এগৰাকী যুৱতীৰ সৈতে। দুয়োৰে আছে দুটা সন্তানো। বিয়াৰ কিছু বছৰ পিছত পত্নীয়ে স্বামীক এৰি মাতৃগৃহত থাকিবলৈ লয়। পত্নী ঘূৰি নহাত দ্বিতীয় বিবাহ কৰালে প্ৰেম শংকৰে।

বৃহস্পতিবাৰে প্ৰথম পত্নীয়ে প্ৰেম শংকৰ মাতি পঠিয়ালে। কিন্তু প্ৰেম শংকৰ পত্নীৰ মাতৃগৃহত উপস্থিত হোৱাৰ পিছতে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা চলালে প্ৰথম পত্নীয়ে। আচৰিতভাৱে, এই ঘটনাৰ পিছত পত্নীয়ে নিজেই প্ৰেম শংকৰক লৈ গ’ল হাস্পতাললৈ। স্বামীক হাস্পতালত ভৰ্তি কৰাই পলায়ন কৰে মহিলাগৰাকীয়ে।

প্ৰেম শংকৰৰ দ্বিতীয় পত্নীৰ অভিযোগ, এই ঘটনাৰ পিছত তেওঁকো হত্যা কৰাৰ ভাবুকি দিয়ে মহিলাগৰাকীয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি