ইটানগৰঃ আজি ১৫ বছৰে সমগ্ৰ অৰুণাচল প্ৰদেশ বাসীয়ে ৰাজধানী ইটানগৰৰ ডনি প’লো বিমানবন্দৰৰ সেৱা কাৰ্যকৰী হোৱাৰ বাবে অপেক্ষা কৰি থকাৰ মাজতে আজি এটি ভাল খবৰ আহি পৰিছে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে অৰুণাচল প্ৰদেশৰ ইটানগৰ সমীপৰ ডনি প’লো বিমানবন্দৰত আজি প্ৰথমখন বিমান অৱতৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয় ।
ইতিমধ্যেই দুটা উদ্বোধনীৰ সাক্ষী হৈছে এই বিমাবন্দৰটোৱে, এটা ২০০৭ চনত প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলে কাৰ্চিংচাৰ সমীপৱৰ্তী এলেকাত আৰু ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত বৰ্তমানৰ স্থান হোলংগিত।
এই বিমানবন্দৰটো অসমৰ বান্দৰদেৱা সীমান্তৰ ওচৰৰ কাৰসিংছাত স্থাপন কৰিবলৈ বাছনি কৰা হৈছিল যদিও বিভিন্ন অসুবিধাৰ বাবে উদ্বোধন কৰাৰ পিছতো কাৰিকৰী সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি ইয়াক হোলংগী লৈ স্থানান্তৰ কৰা হৈছিল।
পৰৱৰ্তী সময়ত ২০১৯ চনত প্ৰধামন্ত্ৰীৰ দ্বাৰা উদ্বোধন কৰাৰ পিছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আহমেদাবাদৰ দিনেশচন্দ্ৰ আৰ আগৰৱালা ইনফ্ৰাকন (infracon) প্ৰাইভেট লিমিটেডক ৩৭০ কোটি ব্যয় আৰু ৩০ মাহৰ সময়সীমা নিবিদাৰ জৰিয়তে নিৰ্মাণৰ কাম প্ৰদান কৰা হয়।
উল্লেযোগ্য যে এই বিমানবন্দৰৰ ৰাণৱেৰ দৈৰ্ঘ্য হৈছে (Length) ২৩০০ মিটাৰ যিটো A320 ধৰণৰ বিমানৰ পৰিচালনাৰ বাবে সামঞ্জস্যপূৰ্ণ হ'ব, লগতে ফুটপাথৰ কাম, ৱাচ টাৱাৰ, পেৰিমিটাৰ ৰোড আদি টাৰ্মিনেল বিল্ডিং আৰু অন্যান্য নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।
ইয়াৰ পূৰ্বে ২৩ মে’ত ভাৰত চৰকাৰৰ নতুন দিল্লীৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়ালৈ প্ৰেৰণ কৰা এখন চিঠিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কৈছিল যে “অৰুণাচল প্ৰদেশৰ জনসাধাৰণে ১ আগষ্টত এই প্ৰকল্প আৰম্ভ হোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।”
গ্ৰীণফিল্ড বিমানবন্দৰৰ নাম সলনি কৰাৰ সন্দৰ্ভত খাণ্ডুয়ে লিখিছিল যে, “গ্ৰীনফিল্ড বিমানবন্দৰক হোলংগী বিমানবন্দৰ বুলি অভিহিত কৰা হৈছে, কিন্তু চৰকাৰী কাগজ আৰু চিঠিপত্ৰত উল্লেখ থকা নামে বিমানবন্দৰ স্থানৰ নাম আৰু ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত নকৰে। সেয়েহে. ৰাজ্যিক ৰাজধানীৰ একমাত্ৰ বিমানবন্দৰ হোৱাৰ বাবে “ডনি প’লো বিমানবন্দৰ” উপযুক্ত নাম হ’ব ।”
অৰুণাচলৰ খিলঞ্জীয়া জনসাধাৰনে সূৰ্য্য আৰু চন্দ্ৰৰ প্ৰতি যুগ যুগ ধৰি শ্ৰদ্ধা ও পূজা অৰ্চনা কৰি আহিছে । ডনি (সূৰ্য্য), আৰু চন্দ্ৰ (প'লো) অৰ্থাৎ ডনি প'লো আৰু বিমানবন্দৰটোক ডনি প'লো বিমানবন্দৰ হিচাপে নামাকৰণ কৰাৰ প্ৰস্তাৱৰ ওপৰত বিবেচনাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীক খাণ্ডুৱে অনুৰোধ জনায়।
এই বিমানবন্দৰটো আগষ্ট মাহৰ ১৫ তাৰিখৰ পৰা কাৰ্যক্ষম হ'ব বুলি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে জানিবলৈ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|