কোৰোণাৰ বাবে দেশত প্ৰথমটো হত্যাকাণ্ড, লকডাউনৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা কনিষ্ঠ ভাতৃক হত্যা

News18 Assam | News18-Assam
Updated:March 27, 2020, 8:16 AM IST
কোৰোণাৰ বাবে দেশত প্ৰথমটো হত্যাকাণ্ড, লকডাউনৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা কনিষ্ঠ ভাতৃক হত্যা
মৃত যুৱকজন পুনেৰ এখন ব্যক্তিগত ফাৰ্মত কাম কৰিছিল, যিয়ে কোৰোণাৰ প্ৰকোপৰ বাবে ঘৰলৈ উভতি আহিছিল।

মৃত যুৱকজন পুনেৰ এখন ব্যক্তিগত ফাৰ্মত কাম কৰিছিল, যিয়ে কোৰোণাৰ প্ৰকোপৰ বাবে ঘৰলৈ উভতি আহিছিল।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ বাবেই সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মুম্বাইৰ পশ্চিম উপনগৰীয় কান্দিৱলীত নিজৰ কনিষ্ঠ ভাতৃক হত্যা কৰাৰ অভিযোগত এজন ২৮ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে এই কথা সদৰি কৰে আৰক্ষীয়ে।

সমতা নগৰ থানাৰ এজন বিষয়াই কয় যে ৰাজেশ লক্ষ্মী ঠাকুৰ নামৰ যুৱকজনে বুধবাৰে নিশা লকডাউনৰ বিষয়ে বাৰে বাৰে সকীয়নি দিয়াৰ পিছতো ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বাবে কনিষ্ঠ ভাতৃ দুৰ্গেশক হত্যা কৰে। মৃত যুৱকজন পুনেৰ এখন ব্যক্তিগত ফাৰ্মত কাম কৰিছিল, যিয়ে কোৰোণাৰ প্ৰকোপৰ বাবে ঘৰলৈ উভতি আহিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্গেশে বাহিৰলৈ গৈ ঘৰলৈ ঘূৰি অহাৰ পিছত ৰাজেশ আৰু তেওঁৰ পত্নীয়ে খং কৰিছিল আৰু তিনিওৰে মাজত তৰ্কাতৰ্কি হৈছিল। তাৰ পিছতে ক্ৰোধান্বিত হৈ ৰাজেশে চোকা অস্ত্ৰে আক্ৰমণ কৰে দুৰ্গেশক। হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় যুৱকজনৰ। অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading