ৰাজধানী দিল্লীত ওলাল মাংকী পক্সৰ প্ৰথমটো ঘটনা। স্বাস্থ্য মন্ত্ৰণালয়ে এই কথা নিশ্চিত কৰি কয় যে দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজত এজন ৰোগীক ভৰ্তি কৰোৱা হৈছে। লোকজনৰ বয়স ৩১ বছৰ। লোকজনৰ প্ৰচণ্ড জ্বৰৰ পিছত শৰীৰত ফোহা দেখা গৈছিল। গুৰুত্বপূৰ্ণ কথাটো হৈছে লোকজনৰ নাই কোনো বিদেশ যাত্ৰা কৰা নাছিল।
পশ্চিম দিল্লীৰ বাসিন্দা এই লোকজনৰ মাংকী পক্সৰ লক্ষণ দেখাৰ পিছত তেওঁক প্ৰায় তিনিদিন পূৰ্বে মৌলানা আজাদ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰ অনুসৰি, লোকজনৰ নমুনা শনিবাৰে এন আই ভি পুণেলৈ প্ৰেৰণ কৰা হৈছিল আৰু সংক্ৰমণ নিশ্চিত কৰা হয়।
ভাৰতত মাংকী পক্স ভাইৰাছৰ সংক্ৰমণৰ এয়া চতুৰ্থটো ঘটনা। অৱশ্যে ট্ৰেভেল হিষ্টৰী নথকা এইজন প্ৰথম সংক্ৰমিত ব্যক্তি। ইয়াৰ পূৰ্বে তিনিওজন লোক বিদেশ যাত্ৰাৰ পৰা উভতিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 24, 2022, 14:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।