কেৱল মহিলাৰ বাবেই নহয়! শীঘ্ৰে বজাৰলৈ আহিব পুৰুষৰ বাবে জন্ম নিয়ন্ত্ৰক বেজী

News18 Assam | News18-Assam
Updated:November 15, 2020, 7:52 PM IST
কেৱল মহিলাৰ বাবেই নহয়! শীঘ্ৰে বজাৰলৈ আহিব পুৰুষৰ বাবে জন্ম নিয়ন্ত্ৰক বেজী
Source-Google

দিল্লীৰ গৱেষকে প্ৰস্তুত কৰা এই বেজীৰ কাৰ্যক্ষমতা ১৩ বছৰলৈ থাকিব।

  • Share this:
জন্ম নিয়ন্ত্ৰণৰ বাবে বিশেষ কৌশল। শীঘ্ৰে দেশৰ বজাৰলৈ আহিব পুৰুষৰ বাবে জন্ম নিয়ন্ত্ৰক বেজী। নতুন দিল্লীৰ এটা বিশেষজ্ঞৰ দলে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই পদ্ধতি প্ৰস্তুত কৰি উলিয়াইছে। উল্লেখ্য যে, এই বেজীৰ কাৰ্যক্ষমতা প্ৰায় ১৩ বছৰলৈ থাকিব বুলি দাবী কৰিছে বিশেষজ্ঞসকলে।

নতুন দিল্লীৰ বিশেষজ্ঞই আবিষ্কাৰ কৰা এই বেজীয়েই হ’ল প্ৰথমটো পুৰুষৰ বাবে প্ৰস্তুত কৰা জন্ম নিয়ন্ত্ৰক বেজী। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই এই বেজীৰ কাৰ্যকাৰীতা প্ৰমাণ কৰি চাইছে আৰু বেজীৰ প্ৰয়োগত সেউজ সংকেত দিছে।

প্ৰথম অৱস্থাত প্ৰায় ৩০০ জন পুৰুষৰ দেহত এই বেজী পৰীক্ষামূলক ভাবে প্ৰয়োগ কৰি সুফল লাভ কৰিছে বিশেষজ্ঞৰ দলে। চিকিত্‍সা বিজ্ঞানীৰ দলটোৱে দাবী কৰা মতে, এই বেজী সম্পূৰ্ণ নিৰাপদ। ই পুৰুষৰ যৌন ক্ষমতাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত লাভ কৰিলেই দেশৰ বজাৰত উপলব্ধ হ’ব এই বেজী।
Published by: Himangshu Bhuyan
First published: November 15, 2020, 7:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading