উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰাজ্যবাসীৰ বাবে বিশেষ উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে ৰাজ্যখনত বিনামূলীয়া ৰেচন আঁচনি তিনি মাহৰ বাবে সম্প্ৰসাৰিত কৰিছে।
মুখ্যমন্ত্ৰী যোগীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত কয় যে,কোৰোণাৰ সময়ৰ পৰা আৰম্ভ কৰা বিনামূলীয়া ৰেচন আঁচনি তিনি মাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে। এই আঁচনিখন কোৰোণা কালত আৰম্ভ কৰা হৈছিল। আঁচনিখনৰ উদ্দেশ্য হৈছে দৰিদ্ৰ লোকসকলক সহায় কৰা। বিনামূলীয়া ৰেচন আঁচনিৰ বাবদ খৰচ হয় ৩২৭০ কোটি টকা। চৰকাৰে আঁচনিখন ৩০ জুন, ২০২২লৈকে চলাই নিয়াৰ ৰখাৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, খাদ্য আৰু যোগান বিভাগে উত্তৰ প্ৰদেশ চৰকাৰৰ বিনামূলীয়া ৰেচন আঁচনিৰ বাবে চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। যদিও প্ৰেৰণ কৰা প্ৰস্তাৱটোত ম্যাদৰ কথা উল্লেখ কৰা হোৱা নাছিল, এইটো চৰকাৰৰ সিদ্ধান্তৰ ওপৰত এৰি দিয়া হৈছিল। প্ৰস্তাৱটোত মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|