শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰলৈ প্ৰথমটো দান, মোদী চৰকাৰে দিলে ১ টকা

News18 Assam | News18-Assam
Updated:February 6, 2020, 8:36 AM IST
শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰলৈ প্ৰথমটো দান, মোদী চৰকাৰে দিলে ১ টকা
মোদীয়ে কয় – দেশৰ কোটি কোটি লোকৰ দৰেই এই বিষয়টো মোৰো আন্তৰিক বিষয়। এই বিষয়ে কোৱাটোও মোৰ বাবে এক সৌভাগ্য।

মোদীয়ে কয় – দেশৰ কোটি কোটি লোকৰ দৰেই এই বিষয়টো মোৰো আন্তৰিক বিষয়। এই বিষয়ে কোৱাটোও মোৰ বাবে এক সৌভাগ্য।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অযোধ্যাত বিশাল আৰু ভৱ্য ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১৫জনীয়া এক স্বতন্ত্ৰ ট্ৰাষ্ট গঠন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চতম ন্যায়ালয়ৰ তিনি মাহৰ সময়সীমা শেষ হোৱাৰ চাৰিদিন পূৰ্বে লোকসভাত এই ঘোষণা কৰে। ইয়াৰ পিছতে ট্ৰাষ্টলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ’ল নগদ ১ টকাৰ বৰঙণি, যিটো ট্ৰাষ্টলৈ আগবঢ়োৱা প্ৰথমটো দান।

প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ বৈঠকত মঞ্জুৰিৰ পিছতে মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ আঁচনি আৰু ইয়াৰ বাবে শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ নামৰ ট্ৰাষ্ট গঠনৰ কথা লোকসভাত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় – দেশৰ কোটি কোটি লোকৰ দৰেই এই বিষয়টো মোৰো আন্তৰিক বিষয়। এই বিষয়ে কোৱাটোও মোৰ বাবে এক সৌভাগ্য।

মোদীয়ে কয় – উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত চৰকাৰে অযোধ্যাত ভগৱান ৰামৰ জন্মস্থলীত বিশাল আৰু ভৱ্য ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক বৃহৎ আঁচনিত মঞ্জুৰি প্ৰদান কৰিছে। ইয়াৰ নিৰ্মাণকাৰ্য চোৱাচিতাৰ বাবে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ নামৰ এক ট্ৰাষ্ট গঠন কৰা হৈছে। ৰাম মন্দিৰ নিৰ্মাণ আৰু এই সম্বন্ধীয় বিষয়ত স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব এই ট্ৰাষ্টৰ। ট্ৰাষ্টৰ পঞ্জীয়ন কাৰ্যালয় হ’ব দিল্লীত।
আৰু চাওক
পৰৱৰ্তী বাতৰি