• Home
  • »
  • News
  • »
  • nation
  • »
  • লকডাউনৰ মাজতে ১২ঘণ্টাৰ ভিতৰত হোৱাটছএপত RTIৰ তথ্য, তথ্য আয়ুক্তৰ তৎপৰতাক প্ৰশংসা

লকডাউনৰ মাজতে ১২ঘণ্টাৰ ভিতৰত হোৱাটছএপত RTIৰ তথ্য, তথ্য আয়ুক্তৰ তৎপৰতাক প্ৰশংসা

মধ্যপ্ৰদেশৰ তথ্য আয়ুক্ত ৰাহুল সিঙৰ কৃতিত্বক প্ৰশংসা দেশৰ আগশাৰীৰ সংবাদমাধ্যমৰ।

মধ্যপ্ৰদেশৰ তথ্য আয়ুক্ত ৰাহুল সিঙৰ কৃতিত্বক প্ৰশংসা দেশৰ আগশাৰীৰ সংবাদমাধ্যমৰ।

মধ্যপ্ৰদেশৰ তথ্য আয়ুক্ত ৰাহুল সিঙৰ কৃতিত্বক প্ৰশংসা দেশৰ আগশাৰীৰ সংবাদমাধ্যমৰ।

  • Share this:
বিভিন্ন সময়ত RTIৰ অধীনত তথ্য প্ৰদান কৰোতে আমাৰ দেশৰ কোনো কোনো ঠাইত এবছৰৰো অধিক সময় লাগি যোৱা দেখা গৈছে। পিছে শেহতীয়াকৈ দেশত প্ৰথমবাৰ লকডাউনৰ সময়ত তাৎক্ষণিকভাৱে RTIৰ তথ্য প্ৰদান কৰাৰ ঘটনাই সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ ৰীৱা জিলাৰ। লকডাউনৰ সময়ত জিলাখনত কেৱল ইমাৰজেন্সী ব্যৱস্থা অব্যাহত আছে। ইয়াৰ মাজতে জিলাখনৰ ফুড কন্ট্ৰ’লাৰে মাত্ৰ ১২ঘণ্টাত তথ্য প্ৰদান কৰিছে। কেৱল ইমানেই নহয় ছচিয়েল ডিচটেন্সিং পালন কৰি হোৱাটছএপৰ জৰিয়তে তথ্যও প্ৰদান কৰা হ’ল। ৰীৱাৰ নইগঢ়ীৰ আৱেদক ৰাঘবেন্দ্ৰ ডুবেই কোৰোণাৰ সময়ত দৰিদ্ৰ লোকক খাদ্য বস্তু প্ৰদান কৰা প্ৰসংগত তথ্য ২৪ এপ্ৰিলত বিচাৰিছিল। ফুড কন্ট্ৰ’লাৰ ৰাজেন্দ্ৰ ঠাকুৰে ২৪ এপ্ৰিলতে এই তথ্য হোৱাটছএপত প্ৰদান কৰে। মন কৰিবলগীয়া কথাটো হ’ল যে সাধাৰণতে মাহ–বছৰ ধৰি RTI আৱেদন পেণ্ডিং ৰখা বিষয়া হঠাৎ ইমান তৎপৰ কেনেকৈ হ’ল? দৰাচলতে লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যৰ তথ্য আয়ুক্ত ৰাহুল সিঙে ১২৫০টকাৰ জৰিমনা আৰোপ কৰিছিল এইজন বিষয়াৰ ওপৰত। সেই সময়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন আদিবাসী ৰেচন হিতাধিকাৰীয়ে ৰেচন লাভ নকৰাত তেওঁৰ তথ্য বিচাৰিছিল শিৱানন্দ দ্বিবেদী নামৰ এজন আৱদকে। তথ্য লাভ নকৰাত তথ্য আয়ুক্ত ৰাহুল সিঙে এই ঘটনাৱলী সন্দৰ্ভত টুইটাৰত সবিশেষ তথ্য লৈ ইমেইল আৰু হোৱাটছএপৰ জৰিয়তে ফুড কন্ট্ৰ’লাৰ ৰাজেন্দ্ৰ ঠাকুৰক ৪৮ঘণ্টাৰ ভিতৰত তথ্য প্ৰদান নকৰাত জাননী জাৰি কৰিছিল। এই ঘটনাও বিৰল আছিল কাৰণ ৰাজ্যখনত প্ৰথমবাৰ মাত্ৰ ৫ঘণ্টাৰ ভিতৰত অভিযোগ অহাৰ পিছতে নটিছ জাৰি কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তথ্য আয়ুক্ত ৰাহুল সিঙে নিজৰ আদেশত কৈছিল যে ৰেচন সম্বন্ধীয় তথ্য ভাৰতীয় সংবিধানৰ মূল অধিকাৰ অনুচ্ছেদ ২১ৰ জীৱনৰ অধিকাৰ আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধিনিয়ম (ৰাইট টু ফুড)ৰ সৈতে জৰিত।
শেহতীয়া ৰায়দানক লৈ ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা অব্যাহত আছে। ৰাজ্যৰ তথ্য আয়ুক্ত ৰাহুল সিঙে উল্লেখ কৰে যে, ‘মই নিজে আচৰিত হৈছো, কিন্তু সুখী যে কোৰোণাৰ সময়ত তথ্য প্ৰদান কৰা সম্ভৱতঃ এয়া প্ৰথমটো ঘটনা। ইয়াৰ কাৰণে খাদ্য বিষয়াজনো ধন্যবাদৰ পাত্ৰ।’

সমাজসেৱক শিৱানন্দই উল্লেখ কৰে যে ‘এবাৰ জৰিমনা আৰোপ কৰাৰ পিছত মানুহৰ কাম কৰাৰ ধৰণ ভাল হৈ পৰিছে। এতিয়া অন্ততঃ বুজিব পাৰিছে যে #RTI2005 আৰু জীয়াই থকাৰ অধিকাৰ কিমান গুৰুত্বপূৰ্ণ। খাদ্য খাবলৈ পোৱাটো জীয়াই থকাৰ অধিকাৰৰ সৈতে জৰিত।’

টুইটাৰ আৰু হোৱাটছএপৰ উপযুক্ত ব্যৱহাৰ কৰি তথ্য আয়ুক্ত গৰাকীয়ে আৰটিআইৰ ব্যৱস্থাক নতুন গতিশীলতা দিয়াৰ প্ৰয়াস ইয়াৰ আগতেও যথেষ্ট চৰ্চিত হৈছে। এইবাৰো লকডাউনৰ মাজত আৰটিআইৰ দ্বাৰা খাদ্যৰ যোগানৰ দৰে জীৱন যাপনৰ বাবে অত্যাৱশ্যকীয় দিশ চোৱা–চিতা কৰা বিভাগক ত্বৰান্বিত কৰাৰ এই সফল প্ৰয়াস দেশৰ আগশাৰীৰ বহু সংবাদমাধ্যমে গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে।

Published by:Tulika Devi
First published: