বুলেটপ্ৰুফ জেকেট ভেদি গ’ল গুলী, পাৰ্ছত থকা মুদ্ৰাই জীৱন বচালে কনিষ্টবলৰ

News18 Assam | News18-Assam
Updated:December 22, 2019, 3:54 PM IST
বুলেটপ্ৰুফ জেকেট ভেদি গ’ল গুলী, পাৰ্ছত থকা মুদ্ৰাই জীৱন বচালে কনিষ্টবলৰ
জোৱানজনে ছাৰ্টৰ পকেটত ৰাখিছিল নিজৰ পাৰ্ছটো। বুলেটপ্ৰুফ জেকেট ভেদি পাৰ্ছত থকা এটা মুদ্ৰাত লাগিল গুলীটো।

জোৱানজনে ছাৰ্টৰ পকেটত ৰাখিছিল নিজৰ পাৰ্ছটো। বুলেটপ্ৰুফ জেকেট ভেদি পাৰ্ছত থকা এটা মুদ্ৰাত লাগিল গুলীটো।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত অব্যাহত আছে প্ৰতিবাদ–আন্দোলন। ইয়াৰ মাজতে ফিৰোজাবাদৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে ফিৰোজাবাদত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ সময়ত এজন আৰক্ষী কনিষ্টবলৰ বুকুত আহি লাগিল এটা গুলী। বুলেটপ্ৰুফ জেকেট ভেদি গ’ল গুলীয়ে। কিন্তু ৰাখে হৰি মাৰে কোনে?

জোৱানজনে ছাৰ্টৰ পকেটত ৰাখিছিল নিজৰ পাৰ্ছটো। বুলেটপ্ৰুফ জেকেট ভেদি পাৰ্ছত থকা এটা মুদ্ৰাত লাগিল গুলীটো। বুলেটপ্ৰুফ জেকেট ভেদ কৰিলেও মুদ্ৰাটো ভেদ কৰিব নোৱাৰিলে গুলীয়ে। আৰু সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে জোৱানজনৰ। জোৱানজনৰ নাম বীজেন্দ্ৰ কুমাৰ। এই ঘটনাৰ পিছতে বীজেন্দ্ৰই কয় – মোৰ এনেকুৱা লাগিছে যেন এয়া মোৰ দ্বিতীয় জীৱন।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি