মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»জম্মু–কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ, এগৰাকী আৰক্ষী বিষয়া আহত

জম্মু–কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ, এগৰাকী আৰক্ষী বিষয়া আহত

News18 Assam | News18-Assam
Updated:September 12, 2021, 4:48 PM IST
জম্মু–কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ, এগৰাকী আৰক্ষী বিষয়া আহত
জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ পৰা সন্দেহজনক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ খবৰ পোৱা গৈছে।

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ পৰা সন্দেহজনক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ খবৰ পোৱা গৈছে।

  • News18 Assam
  • Last Updated: September 12, 2021, 4:48 PM IST
  • Share this:
জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ খানিয়াৰ অঞ্চলত আজি সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন আৰক্ষী বিষয়া আহত হোৱাৰ খবৰ পোৱা গৈছে। আৰক্ষীৰ এক সূত্ৰ অনুসৰি, দুপৰীয়া প্ৰায় ১.৩৫ বজাত সন্ত্ৰাসবাদীয়ে খানিয়াৰত আৰক্ষীৰ টহলদাৰী বাহিনীৰ ওপৰত গুলীচালনা কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, খানিয়াৰ আৰক্ষী থানাৰ উপ–পৰিদৰ্শক আৰ্শাদ আহমেদ  আক্ৰমণত আহত হৈছে। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, আঘাতপ্ৰাপ্ত বিষয়াজনক চিকিৎসাৰ বাবে এছএমএইচএছ চিকিৎসালয়লৈ  প্ৰেৰণ কৰা হৈছে। বৰ্তমান সমগ্ৰ অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু আক্ৰমণকাৰীসকলৰ সন্ধানত অভিযান অব্যাহত আছে।

ইফালে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ পৰা সন্দেহজনক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ খবৰ পোৱা গৈছে। নিৰাপত্তা বাহিনীয়ে  দেওবাৰে অঞ্চলটো ঘেৰাও কৰে আৰু সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছতে তন্ন-তন্নকৈ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছে।

সন্ত্ৰাসবাদীক বিচাৰি সেনা আৰু আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই আছে যদিও বৰ্তমানলৈকে কাকো আটক কৰিব পৰা নাই। আৰক্ষী আৰু সেনাই যুটীয়াভাৱে দেওবাৰে পুৱতি নিশা মাঞ্জাকোটৰ বাৰুতে গালি আৰু থানামাণ্ডিৰ কিছু অংশত তালাচী অভিযান আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, এই বছৰৰ জুন মাহৰ পৰা ৰাজৌৰী আৰু পুঞ্চ জিলাত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ ঘটনা বৃদ্ধি পাইছে। ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ গুলীত ৯জন উগ্ৰপন্থী নিহত হৈছে।
Published by: Sanjay Kumar Das
First published: September 12, 2021, 4:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি