உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • দীপাৱলীৰ নিশা পৈশাচিক আনন্দ! পদপথৰ কুকুৰৰ ভৰিত বান্ধি ফুটালে বোম, ক্ষত বিক্ষত শৰীৰ

    দীপাৱলীৰ নিশা পৈশাচিক আনন্দ! পদপথৰ কুকুৰৰ ভৰিত বান্ধি ফুটালে বোম, ক্ষত বিক্ষত শৰীৰ

    এনে পৈশাচিক ঘটনা সংঘটিত কৰিলে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰত। ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ অঞ্চলটোৰ লোক।

    এনে পৈশাচিক ঘটনা সংঘটিত কৰিলে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰত। ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ অঞ্চলটোৰ লোক।

    এনে পৈশাচিক ঘটনা সংঘটিত কৰিলে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰত। ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ অঞ্চলটোৰ লোক।

    • Share this:
    আদালতৰ নিৰ্দেশক অৱমাননা কৰি উৰে নিশা আতজবাজী ফুটাই আনন্দত মতলীয়া হ'ল একাংশ। কিন্তু আনন্দ-ফুৰ্তিৰ নামত এনে এক ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে, যাক এতিয়া সকলোৱে একেমুখে ধিক্কাৰ দিছে। ঘটনাটো সংঘটিত হৈছে পশ্মিবংগৰ পশ্চিম মেদিনীপুৰত।

    জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া একাংশ উন্মাদ লোকে পদপথৰ এটা কুকুৰৰ ভৰিত বোম বান্ধি ফুটাই দিয়ে। উৰি যায় কুকুৰৰ এখন ঠেং। আনকি ক্ষত বিক্ষত হৈ পৰে শৰীৰ। এই ঘটনাৰ কথা জানিব পাৰি অঞ্চলটোৰ কিছুসংখ্যক লোকে কুকুৰটোক উদ্ধাৰ কৰি পশু চিকিৎসায়ত ভৰ্তি কৰে।

    এনেদৰে কুকুৰৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰব হৈ পৰিছে সকলো। ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই খবৰ। পশুপ্ৰেমীৰ দাবী, যি এই ঘটনা সংঘটিত কৰিছে, সেইসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে।
    Published by:Himangshu Bhuyan
    First published: