চাৰি মহলীয়া অট্টালিকাত বিধ্বংসী জুই, জীৱন্তে অগ্নিদগ্ধ হৈ ৫জন লোকৰ মৃত্যু

২০জন লোকক সুৰক্ষিতভাৱে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হয়।

News18-Assam
Updated:August 6, 2019, 7:52 AM IST
চাৰি মহলীয়া অট্টালিকাত বিধ্বংসী জুই, জীৱন্তে অগ্নিদগ্ধ হৈ ৫জন লোকৰ মৃত্যু
২০জন লোকক সুৰক্ষিতভাৱে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হয়।
News18-Assam
Updated: August 6, 2019, 7:52 AM IST
দিল্লীৰ জাকিৰ নগৰত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত মৃত্যু ৫জন লোকৰ। সোমবাৰে নিশা এটা চাৰি মহলীয়া অট্টালিকাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যু হয় ৫জন লোকৰ। আন কেইবাজনো লোক আহত হয় অগ্নিকাণ্ডত। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰ অভিযানত নামি পৰে।

২০জন লোকক সুৰক্ষিতভাৱে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হয়। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়ালৈ জানিব পৰা হোৱা নাই। হাস্পতাল কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, অগ্নিদগ্ধ ১১জন লোকৰ ভিতৰত ৫জনৰ অৱস্থা সংকটজনক।

আৰু চাওক পৰৱৰ্তী বাতৰি