হঠাৎ মহিলাৰ হাতত জ্বলি উঠিল ছেমছাঙৰ এইটো স্মাৰ্টফোন, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:January 12, 2020, 12:28 PM IST
হঠাৎ মহিলাৰ হাতত জ্বলি উঠিল ছেমছাঙৰ এইটো স্মাৰ্টফোন, তাৰ পিছত...
এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়াৰ লগতে ছেমছাঙৰ সৈতে যোগাযোগ কৰে।

এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়াৰ লগতে ছেমছাঙৰ সৈতে যোগাযোগ কৰে।

  • Share this:
ফোনৰ বেটাৰী বিস্ফোৰণ ঘটাৰ লগতে চাৰ্জিঙৰ সময়ত জুই লগা বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা সংঘটিত হৈছে। গিজচাইনাৰ খবৰ অনুসৰি , বেংগালুৰুৰ বাসিন্দা সীমা নামৰ এগৰাকী মহিলাৰ Samsung galaxy S7 Edge স্মাৰ্টফোনটো হঠাৎ জ্বলি যায়।

২০১৬ চনৰ ২৮ ডিচেম্বৰত মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল ফোনটো। কোনোদিনে ফোনটো মেৰামতি কৰা নাছিল। কিছু বছৰ ব্যৱহাৰ কৰাৰ পিছত কিছুদিন পূৰ্বে ফোনটো গৰম হ’বলৈ আৰম্ভ কৰে। মহিলাগৰাকীয়ে ফোনটো ঘৰৰ বাহিৰলৈ দলিয়াই দিয়ে। তাৰ পিছতো ফোনটোৰ পৰা জুই ওলাইবলৈ আৰম্ভ কৰে। এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়াৰ লগতে ছেমছাঙৰ সৈতে যোগাযোগ কৰে।

ঘটনাৰ তদন্ত কৰি ছেমছাঙৰ তৰফৰ পৰা কোৱা হয় যে ফোনটোৰ বেটাৰী জ্বলি যোৱাৰ ফলতে এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে পূৰ্বেও ছেমছাঙৰ নোট-7 ছিৰিজৰ ফোন জ্বলি যোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি