মুম্বাইত ONGCৰ প্ৰকল্পত বিধ্বংসী অগ্নিকাণ্ড, চাৰিজনৰ মৃত্যু, কেইবাজনো লোক আবদ্ধ হৈ থকাৰ আশংকা

এই অগ্নিকাণ্ডৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আবদ্ধ হৈ থকাৰ খবৰ আহিছে।

News18-Assam
Updated:September 3, 2019, 10:32 AM IST
মুম্বাইত ONGCৰ প্ৰকল্পত বিধ্বংসী অগ্নিকাণ্ড, চাৰিজনৰ মৃত্যু, কেইবাজনো লোক আবদ্ধ হৈ থকাৰ আশংকা
এই অগ্নিকাণ্ডৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আবদ্ধ হৈ থকাৰ খবৰ আহিছে।
News18-Assam
Updated: September 3, 2019, 10:32 AM IST
নৱী মুম্বাইৰ উৰণস্থিত অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচনৰ গেছ প্ৰকল্পত মঙলবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আবদ্ধ হৈ থকাৰ খবৰ আহিছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ONGCৰ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে, ONGC আৰু মুম্বাই আৰক্ষীয়ে প্ৰকল্পৰ সমীপৰ দুই কিলোমিটাৰ অঞ্চল খালী কৰিছে। এই ঘটনাত আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ডৰ ফলত তেল পৰিবহনত কোনো প্ৰভাৱ পৰা নাই আৰু গেছ হজিৰা প্ৰকল্পলৈ ডাইভাৰ্ট কৰা হৈছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি