ভয়ংকৰ অগ্নিকাণ্ডত ৩৫জন লোকৰ মৃত্যু, অৰ্ধশতাধিক লোকক জীৱন্তে উদ্ধাৰ

News18 Assam | News18-Assam
Updated:December 8, 2019, 9:41 AM IST
ভয়ংকৰ অগ্নিকাণ্ডত ৩৫জন লোকৰ মৃত্যু, অৰ্ধশতাধিক লোকক জীৱন্তে উদ্ধাৰ
অগ্নিনিৰ্বাপক বাহিনীয়ে অৰ্ধশতাধিক লোকক সুৰক্ষিতভাৱে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অগ্নিনিৰ্বাপক বাহিনীয়ে অৰ্ধশতাধিক লোকক সুৰক্ষিতভাৱে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

  • Share this:
ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৩৫জন লোক। ৰাণী ঝাঁচী ৰোডস্থিত ফিল্মিস্তানত আজি পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। ৫০জনতকৈও অধিক লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে এই অগ্নিকাণ্ডত ৩৫ জন লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

অগ্নিনিৰ্বাপক বাহিনীয়ে অৰ্ধশতাধিক লোকক সুৰক্ষিতভাৱে অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ ৩০খন গাড়ীৰ সহায়ত নিৰ্বাপন কৰা হয় এই জুই। জুই নিৰ্বাপনৰ পিছত অব্যাহত আছে উদ্ধাৰ অভিযান। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: December 8, 2019, 9:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি