• Home
  • »
  • News
  • »
  • nation
  • »
  • উৰণৰ সময়তেই ইণ্ডিগোৰ বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত; সাম্ভাব্য বিপদৰ পৰা ৰক্ষা ১৮৪ জন

উৰণৰ সময়তেই ইণ্ডিগোৰ বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত; সাম্ভাব্য বিপদৰ পৰা ৰক্ষা ১৮৪ জন

দিল্লীৰ পৰা বাংগালুৰুলৈ যাব লগা ইণ্ডিগোৰ এখন বিমান উৰণৰ বাবে সাজু হওঁতেই ইয়াৰ ইঞ্জিনত জুই লাগে।

দিল্লীৰ পৰা বাংগালুৰুলৈ যাব লগা ইণ্ডিগোৰ এখন বিমান উৰণৰ বাবে সাজু হওঁতেই ইয়াৰ ইঞ্জিনত জুই লাগে।

দিল্লীৰ পৰা বাংগালুৰুলৈ যাব লগা ইণ্ডিগোৰ এখন বিমান উৰণৰ বাবে সাজু হওঁতেই ইয়াৰ ইঞ্জিনত জুই লাগে।

  • Share this:
এক সাম্ভাব্য বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি ইণ্ডিগোৰ এখন বিমান।জানিব পৰা মতে, দিল্লীৰ পৰা বাংগালুৰুলৈ যাব লগা ইণ্ডিগোৰ এখন বিমান উৰণৰ বাবে সাজু হওঁতেই ইয়াৰ ইঞ্জিনত জুই লাগে। যাৰ পৰিপ্ৰেক্ষিতত দিল্লী বিমানবন্দৰত বিমানখন ৰখাই দিয়া হয়। শুক্ৰবাৰে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ দেশত খলকনিৰ সৃষ্টি কৰাৰ লগতে চিন্তিত কৰিছে উৰাজাহাজেৰে ভ্ৰমণ কৰা যাত্ৰীসকলক।

তথ্য অনুসৰি ইণ্ডিগোৰ উৰণ সংখ্যা 6E-2131 যি দিল্লীৰ পৰা বাংগালুৰুলৈ উৰিবলৈ সাজু হৈ থকাৰ সময়তে বিমানখনৰ ইঞ্জিনত জুই লগাৰ বাবে উৰাজাহাজখন দিল্লী বিমানবন্দৰতে ৰখাই দিয়া হয়। এই ঘটনাত বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোহৰলৈ অহা নাই। ইতিমধ্যে অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়ে ডিজিচিএ বিষয়াক বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।

ঘটনাটো সংঘটিত হোৱা সময়ত উৰাহাজাখনৰ প্ৰিয়ংকা কুমাৰ নামৰ এগৰাকী মহিলা যাত্ৰীয়ে এই সমগ্ৰ ঘটনাটোৰ এক ভিডিঅ’ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত আপলোড কৰি লিখে, "টেক অফ কৰা ভিডিঅ' লোৱাৰ ইচ্ছা আছিল, কিন্তু চাওক কি হৈ গ’ল!"

তথ্য অনুসৰি বিমানখনত ১৮৪ জন লোক আছিল। ইয়াৰে ১৭৭ গৰাকী যাত্ৰী আৰু ৭জন ক্ৰু মেম্বাৰ আছিল। সকলোকে সুৰক্ষিতভাৱে বিমানখনৰ পৰা উলিয়াই অনা হয়। এই ঘটনা ৰাতি প্ৰায় ৯ বাজি ৪৫ মিনিটত সংঘটিত হয় যাৰ পিছত দিল্লী বিমানবন্দৰত সকলোকে এলাৰ্ট কৰি দিয়া হয়।

ইণ্ডিগোৰ দ্বাৰা জাৰি কৰা এক চৰকাৰী বিবৃতিৰ মতে দিল্লীৰ পৰা বেংগালুৰুলৈ যোৱা বিমান 6E-2131ত উৰণ কৰাৰ সময়ত এটা ইঞ্জিনৰ ষ্টলৰ অনুভৱ হৈছিল। এনে পৰিস্থিতিত, উৰণ বন্ধ কৰা হৈছিল আৰু বিমানখন সুৰক্ষিতভাৱে বে লৈ ঘূৰি আহিছিল। সকলো যাত্ৰীক বৈকল্পিক বিমানত ৰখা হয়। যাত্ৰীসকলৰ অসুবিধাৰ বাবে তেওঁলোকে দুঃখিত বুলিও প্ৰকাশ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৯ জুনত পাটনাৰ পৰা দিল্লীলৈ যোৱা স্পাইচজেটৰ এখন বিমানত উৰণৰ কিছু সময় পিছতে জুই লাগিছিল। তাৰ পিছত বিমানখন কেইমিনিটমানৰ পিছত পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হৈছিল। স্পাইচজেট বিমানখন পাটনাৰ পৰা দুপৰীয়া প্ৰায় ১২ বাজি ১৫ মিনিটত উৰা মাৰিছিল। পাটনাৰ জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে কৈছিল যে উৰণৰ অলপ পিছতে স্থানীয় প্ৰশাসনে ইয়াত জুই লগাৰ বিষয়ে ফোনযোগে খবৰ পাইছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি