জম্মু-কাশ্মীৰৰ মা বৈষ্ণো দেৱী ভৱনৰ ওচৰত জুই (Fire at vaishno devi Temple) লগাৰ খবৰ পোৱা গৈছে।
সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি, মা বৈষ্ণো দেৱী বোৰ্ডৰ কেছ কাউণ্টাৰৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত স্থানীয় প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অন্য কোনো ক্ষয়-ক্ষতিৰ তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই।
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|