প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱাসত অগ্নিকাণ্ড! লগে লগে হাজিৰ ৯খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী

News18 Assam | News18-Assam
Updated:December 30, 2019, 8:39 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱাসত অগ্নিকাণ্ড! লগে লগে হাজিৰ ৯খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী
অগ্নিকাণ্ডত কোনো ক্ষয়–ক্ষতি হোৱা নাই।

অগ্নিকাণ্ডত কোনো ক্ষয়–ক্ষতি হোৱা নাই।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী আৱাস, ৭, লোক কল্যাণ মাৰ্গত সন্ধিয়া হঠাৎ এক অগ্নিকাণ্ড সংঘটিত হয়। জুই নুমুৱাবলৈ তাৎক্ষণিকভাৱে ৯খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। সাধাৰণ জুইকুৰা কম সময়ৰ ভিতৰতে নুমুৱাই অগ্নিনিৰ্বাপক বাহিনীয়ে। এই অগ্নিকাণ্ডত কোনো ক্ষয়–ক্ষতি হোৱা নাই বুলি বিষয়াবৰ্গই জনাইছে। শ্বৰ্ট চাৰ্কিটৰ কাৰণে এই জুই লগাৰ কথা কোৱা হৈছে।



প্ৰধানমন্ত্ৰী আৱাসৰ কোন ঠাইত এই জুই লাগিছিল সেই কথা এইপৰ্যন্ত জানিব পৰা হোৱা নাই। টুইটাৰত এই অগ্নিকাণ্ডৰ বিষয়ে জনায় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।
Published by: Tulika Devi
First published: December 30, 2019, 8:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি