৫০ চেলিব্ৰিটীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ! গণ প্ৰহাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ লিখিছিল পত্ৰ

দেশৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে!

News18-Assam
Updated:October 4, 2019, 4:00 PM IST
৫০ চেলিব্ৰিটীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ! গণ প্ৰহাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ লিখিছিল পত্ৰ
Source-Google
News18-Assam
Updated: October 4, 2019, 4:00 PM IST

প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি এতিয়া বিপদত দেশৰ ৫০ গৰাকী চেলিব্ৰিটী। দেশত ক্ৰমাগত ভাবে বাঢ়ি অহা গণপ্ৰহাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছিল কংগণা ৰানাৱট, অনুৰাগ কাশ্যপ, ৰামচন্দ্ৰ গুহা, মনী ৰত্নম আৰু অপৰ্ণা সেনৰ দৰে চেলিব্ৰিটীয়ে। কিন্তু গণপ্ৰহাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ বাবেই এতিয়া চেলিব্ৰিটী সকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহৰ গোচৰ।


প্ৰায় দুমাহৰ আগতে ছবিজগতৰ এইসকল তাৰকাই  বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ  দৃষ্টিগোচৰ কৰিবলৈ লিখিছিল পত্ৰ। কিন্তু বিহাৰৰ কৰ্টত  সুধীৰ কুমাৰ ওজা নামৰ এগৰাকী লোকে চেলিব্ৰিটী সকলে এনে পত্ৰ লিখি দেশৰ ভাবমুৰ্তি বিনষ্ট কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ ভাবমুৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছিল। এতিয়া মুখ্য দণ্ডাধীশেও গোচৰতো ৰুজু কৰিছে।


ছবিজগতৰ এই তাৰকা সকলে লগতে উল্লেখ কৰিছিল যে,  দেশৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে। যি সম্পূৰ্ণ মানৱতা বিৰোধী।



আৰু চাওক পৰৱৰ্তী বাতৰি