JNU ৰ প্ৰাক্তন ছাত্ৰী শ্বেহলা ৰছীদৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ! ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য

জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত JNUৰ প্ৰাক্তন ছাত্ৰী শ্বেহলা ৰছীদে কৰিছিল আপত্তিজনক মন্তব্য

News18-Assam
Updated:September 6, 2019, 9:31 PM IST
JNU ৰ প্ৰাক্তন ছাত্ৰী শ্বেহলা ৰছীদৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ! ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য
Source-Google
News18-Assam
Updated: September 6, 2019, 9:31 PM IST
JNU ৰ প্ৰাক্তন ছাত্ৰী তথা বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপাধ্যক্ষ শ্বেহলা ৰছীদে জম্মু–কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ছচিয়েল মিডিয়াত বিতৰ্কিত পষ্ট শ্বেয়াৰ কৰি এতিয়া বিপদত পৰিছে।

কাশ্মীৰত ভাৰতীয় সেনাই গুণ্ডাগিৰি কৰিছে  বুলি মন্তব্য কৰাৰ লগতে সেনাই জনসাধাৰণৰ অধিকাৰ কাঢ়িছে বুলি মন্তব্য কৰাৰ পিছত এতিয়া নেত্ৰীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

ৰছীদে টুইটাৰত উল্লেখ কৰিছিল যে, জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাই জম্মুৰ জনসাধাৰণৰ স্বাধীনতা খৰ্ব কৰি জনসাধাৰণক গৃহবন্দী কৰাৰ লগতে মুক্তমনে চলা ফুৰা কৰাত বাধা আৰূপ কৰিছে বুলি মন্তব্য কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি